MENU

ম'বাইল ফ'ন নির্মাণ খণ্ডত ১২ লাখ কর্ম সংস্থাপনৰ সৃষ্টি

Dainik janambhumi February 08, 2025

ডিজিটেল ডেস্ক: বৈদ্যুতিন আৰু তথ্য-প্রযুক্তি দপ্তৰৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে যে দেশত বিগত ১০০ বছৰত ম'বাইল ফ'ন আৰু ইলেক্ট্রনিক সামগ্রী উৎপাদনত উল্লেখযোগ্য অগ্রগতি অর্জন কৰিছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত তেওঁ কয় যে ২০১৪ চনত দেশত মাত্র দুটা ম'বাইল নির্মাণ গোট যদিও এতিয়া ৩০০-ৰো অধিক ম'বাইল নির্মাণ গোট আছে। 

বৈষ্ণৱে লগতে প্রকাশ কৰে যে ম'বাইল ফ'নৰ নিৰ্মাণ ক্রমান্বয়ে ২০১৪ চনত ১৮ হাজাৰ ৯০০ কোটি টকাৰ বিপৰীতে ২০২৪ চনত এই পৰিমাণ ৪ লাখ ২২ হাজাৰ কোটি টকা হয়। ম'বাইলৰ ৰপ্তানি ১ লাখ ২৯ হাজাৰৰ পৰা অধিক হৈছে বুলি তেওঁ প্রকাশ কৰে। বিগত দশকটোত ম'বাইল ফ'ন নির্মাণ খণ্ডত প্রত্যক্ষ আৰু পৰোক্ষভাৱে ১২ লাখ কর্মসংস্থাপনৰ সৃষ্টি কৰিবলৈ  সক্ষম হৈছে।

Share This