এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ, ভাৰত দ্বিতীয় শ্ৰেষ্ঠ দল

dainik janambhumi June 01, 2025

ডিজিটেল ডেস্ক : ভাৰতে ৮টা স্বর্ণ, ১০টা ৰূপ আৰু ছটা ব্ৰঞ্জসহ মুঠ ২৪টা পদকেৰে এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত দ্বিতীয় শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে। চীনে ১৯টা সোণসহ মুঠ ৩২টা পদকেৰে পদক তালিকাৰ শীর্ষ স্থানত থাকে। জাপানে ৫টা সোণ, ১১টা ৰূপ আৰু ১২টা ব্ৰঞ্জ জয়েৰে পদক তালিকাত তৃতীয় স্থান লাভ কৰে। ভাৰতে শনিবাৰে প্রতিযোগিতাখনৰ অন্তিম দিনা ছটা পদক পায়। অন্তিম দিনা স্বর্ণ জয় কৰিব নোৱাৰিলেও ভাৰতীয় এথলীটে দৃঢ়তাপূর্ণ প্রদর্শন দাঙি ধৰি তিনিটা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক লাভ কৰে। 

সেই অনুসৰি পাৰুল চৌধাৰীয়ে প্রতিযোগিতাখনত নিজৰ দ্বিতীয়টো ৰূপৰ পদক দখল কৰে। শনিবাৰে মহিলাৰ ৫০০০ মিটাৰ দৌৰত ১৫ : ১৫.৩৩ ছেকেণ্ড সময়মানেৰে দ্বিতীয় স্থানত থাকে। পাৰুলে ইয়াৰ আগেয়ে ৩০০০ মিটাৰ ষ্টীপলচে'জত ৰূপৰ পদক পাইছিল। জেভেলিন থ্র'ৱাৰ শচীন যাদৱে নিজৰ অন্তিম প্রয়াসত ব্যক্তিগত শ্রেষ্ঠ ৮৫.১৬ মিটাৰেৰে ৰূপৰ পদক পায়। আনহাতে, অবিনায়া ৰাজাৰাজন, স্নেহা এছ এছ, শ্ৰাৱণী নন্দা আৰু নিথ্যা গান্ধেইৰে গঠিত ভাৰতীয় মহিলাৰ দলে ৪৩.৮৬ ছেকেণ্ড সময়মানেৰে ৪×১০০ মিটাৰ ৰীলেত ৰূপ জয়ী কৃতিত্ব আর্জে। 

ভাৰতে তেনেদৰেই প্রতিযোগিতাখনত অন্তিমটো ৰূপৰ পদক দখল কৰে। স্প্ৰীণ্টাৰ অনিমেশ কুজুৰে ৰাষ্ট্ৰীয় ৰেকৰ্ড ২০.৩২ ছেকেণ্ড সময়েৰে পুৰুষৰ ২০০ মিটাৰত ব্ৰঞ্জ জয় কৰে। মধ্য দূৰত্বৰ দৌৰবিদ পূজাই ২০০১.৮৯ ছেকেণ্ড সময়মানেৰে মহিলাৰ ৮০০ মিটাৰত ব্ৰঞ্জ দখল কৰে। ইয়াৰ উপৰি, এছিয়ান গেমছৰ পদক জয়ী ৱিথ্যা ৰামৰাজে ৫৬.৪৬ ছেকেণ্ড সময় লৈ মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছত তৃতীয় স্থান দখল কৰে।

Share This