বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই 

Kakali Deka July 09, 2025

ডিজিটেল ডেস্ক :  মধ্যপ্ৰদেশৰ অন্তৰ্গত পন্না টাইগাৰ ৰিজাৰ্ভত বাস কৰা বৎসলা নামৰ হাতীজনীয়ে ৮ জুলাই মঙলবাৰে ১০০ বছৰৰো অধিক বয়সত মৃত্যুক সাবটি ল’লে।দূৰদূৰণিৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল বৎসলা।বৎসলাক এছিয়াৰ আটাইতকৈ বয়সিয়াল হাতীৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল।

সকলোৰে মৰমৰ বৎসলা সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত আটাইতকৈ ডাঙৰ হোৱা হেতুকে মাক বা বায়েকৰ দৰে সকলো সৰু হাতীকে নেতৃত্ব দিছিল ।বয়সৰ ক্ৰমবৰ্ধমান গতিত তাই দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল¸ যাৰ ফলত চলা-ফিৰা কৰিব নোৱৰা হৈ পৰিছিল। ৮ জুলাইৰ দুপৰীয়া বৎসলাৰ আগৰ ভৰি এটাৰ নখ ভাগি যোৱাত থিতাতে বহি পৰে আৰু মৃত্যুক সাবটি লয়।

পন্না টাইগাৰ ৰিজাৰ্ভৰ বন্যপ্ৰাণী চিকিৎসকৰ দ্বাৰা সময়ে সময়ে বৎসলাৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল । যাৰ বাবে পন্না টাইগাৰ ৰিজাৰ্ভ নামৰ এই বিশাল ক্ষেত্ৰখনত বহুদিন জীয়াই থাকিল বৎসলা।

বৎসলাক কেৰালাৰ পৰা নৰ্মদাপুৰলৈ অনা হৈছিল,পাছত টাইগাৰ ৰিজাৰ্ভলৈ স্থানান্তৰিত কৰা হৈছিল আৰু তাতেই বৎসলাই অন্তিম নিঃশ্বাস ত্যাগ কৰে। টাইগাৰ ৰিজাৰ্ভৰ কৰ্মচাৰীসকলে হাতীজনীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।

মধ্যপ্ৰদেশৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে সকলো ৰাইজে বৎসলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বৎসলাৰ মৃত্যু পন্না টাইগাৰ ৰিজাৰ্ভৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।

Share This