কাশ্মীৰত বোমাৰে উৰুৱাই দিয়া হ'ল সন্ত্রাসবাদী আছিফৰ বাসগৃহ

dainik janambhumi April 26, 2025

ডিজিটেল ডেস্ক : জম্মু আৰু কাশ্মীৰৰ পহলগামত ২৬ জন নিৰীহ পৰ্যটকক হত্যা কৰাৰ ঘটনাত জড়িত থকা স্থানীয় সন্ত্রাসবাদী আছিফ শ্বেখৰ বাসভৱন বিস্ফোৰণেৰে উৰুৱাই দিয়া হয়। 

আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, পুলৱামাৰ অৱন্তিপুৰৰ ত্ৰাল অঞ্চলৰ মোংঘামাত আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তে বিস্ফোৰণ হয় আৰু ঘৰটো ধ্বংসপ্রাপ্ত হয়। বিষয়াজনৰ মতে, বৃহস্পতিবাৰে শেষ নিশা ভাৰতীয় সেনা, জম্মু আৰু কাশ্মীৰৰ আৰক্ষীৰ লগতে চি আৰ পি এফৰ এটা যুটীয়া দলে তালাচী চলোৱাৰ বাবে আছিফ শ্বেখৰ ঘৰত উপস্থিত হয়। তালাচীৰ সময়ত এটা বাকচত তাঁৰ আৰু বেটাৰীৰ দৰে সামগ্রী দেখা পায় দলটোৱে। দলটোৱে এই বিস্ফোৰক সঁজুলি নিষ্ক্রিয় কৰে আৰু সেই সময়তে প্ৰৱল বিস্ফোৰণত ঘৰটো বিধ্বস্ত হয়। 

এই ঘটনাত কোনো লোক হতাহত হোৱা নাই, কিয়নো বিস্ফোৰণৰ আগতে ঘৰটো খালী কৰা হয়। ইফালে আক্রমণটোত জড়িত বিজবেহৰাৰ গুৰীৰ লস্কৰ-ই-তৈবাৰ সন্ত্রাসবাদী আদিল থোকৰ ওৰফে আদিল গুৰীৰটোও শুকুৰবাৰে ধ্বংস কৰা হয়। সন্ত্রাসবাদীটোৰ ঘৰটো বুলডজাৰেৰে ভাঙি পেলোৱা হয়।

Share This