ডিজিটেল ডেস্ক : ১৯৯৯ চনৰ কার্গিল যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ আক্রমণত নিহত হোৱা এজন পাকিস্তানী জোৱানৰ মৃতদেহ চমজি ল'বলৈ সেই সময়ৰ পাকিস্তানৰ চৰকাৰে অস্বীকাৰ কৰিছিল। সেইজন মৃত পাক সৈনিককে জাতীয় বীৰ সজাই পাকিস্তানৰ চৰকাৰখনে ২৬ বছৰৰ পাছত শ্বহীদ দিৱস পালন কৰিলে। এই ঘটনাই পাকিস্তানী চৰকাৰ আৰু সেনাৰ স্বৰূপ পুনৰ উদঙাই দিলে।
পাকিস্তানৰ সেনাৰ মুৰব্বী তথা বিতর্কিত ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে ২৬সংখ্যক শ্বহীদ দিৱসৰ বাৰ্ষিকীত খাইবাৰ পাখতুনখাৱাৰ স্বাবীত নিহত পাক সেনা কেপ্তেইন কার্নাল শ্বেৰ খানৰ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জনায় আৰু মৃত পাক সেনাৰ বিষয়াজনক সাহসিকতা আৰু দেশপ্ৰেমৰ প্ৰতীক হিচাপে অভিহিত কৰে আছিম মুনিৰে। কিন্তু এইজন পাক সেনাৰ বিষয়াৰে মৃতদেহ পাকিস্তানে কার্গিল যুদ্ধৰ পাছত গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।