ডিজিটেল ডেস্ক : গুৱাহাটীত অনুষ্ঠিত অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাতো ওড়িশাই চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কেন্দ্রীয় ক্রীড়া বিভাগ আৰু ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত তথা অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সহযোগত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত ফাইনেলত ওড়িশাই ৪-০ ব্যৱধানত বিহাৰক পৰাস্ত কৰে।
ইফালে, গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়স্থান নির্ধাৰণকাৰী মেচত অসমৰ ছোৱালী দলটোৱে ৮-১ ব্যৱধানত পৰাস্ত কৰে ত্ৰিপুৰাক। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ছাব-জুনিয়ৰ শাখাতো ওড়িশাই সোণৰ পদক লাভ কৰাৰ বিপৰীতে অসমে ব্ৰঞ্জ অৰ্জন কৰিছিল। চেম্পিয়ন ওড়িশাই এক লাখ ৮০ হাজাৰ টকা প্রাইজমানিসহ ট্রফী লাভ কৰে। মণ্ডলৰ চেম্পিয়ন হোৱাৰ সূত্রে দলে অহা মাহত হ'বলগীয়া ৰাষ্ট্ৰীয় প্রতিযোগিতালৈও যোগ্যতা অর্জন কৰিছে।
ইফালে, ৰানাৰ্ছআপ বিহাৰৰ ছোৱালী দলটোক এক লাখ ৪৪ হেজাৰ টকাৰ চে'ক প্রদান কৰা হয়। অসম আৰু ত্ৰিপুৰাই ৯০ হেজাৰকৈ লাভ কৰে। সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি চেম্পিয়নক ট্রফী প্রদান কৰে শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই। অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসে ৰানাৰ্ছ-আপ দলক চে'ক প্রদান কৰে।