ভয়াৱহ বানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তি স্থগিত

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক: সাম্প্রতিক সময়ত উজনি অসমৰ বিভিন্ন ঠাইত বানপানীৰ বাবে উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৯, ৩০ আৰু ৩১ জুলাইত ধার্য কৰা অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। 

নতুন তাৰিখ আৰু সময় বিশ্ববিদ্যালয়ৰ ৱেবছাইট যোগে নির্দিষ্ট সময়ত জনোৱা হ'ব। সবিশেষ জানিবৰ বাবে বিশ্ববিদ্যালয়ৰ ৱে'বছাইট চাই থাকিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই অনুৰোধ জনাইছে।

Share This