ডিজিটেল ডেস্ক : ন্যায়ালয়ৰ আগতীয়া অনুমতি অবিহনে আদালতৰ শুনানি প্ৰক্ৰিয়াৰ কোনো মাধ্যম আৰু ডিজিটেল মিডিয়া প্লেটফর্মত আপল'ড, প'ষ্টিং, অথবা ৰিপ'ষ্টিং কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এটা অন্তৰ্ৱতীকালীন নির্দেশ যোগে সামাজিক মাধ্যম আৰু ডিজিটেল মিডিয়া প্লেটফৰ্মৰ ক্ষেত্রত এই নিষেধাজ্ঞা আৰোপ কৰে। আদালত কক্ষত হোৱা কোনো গোচৰৰ শুনানি বা আদালতৰ কাৰ্যক্ৰম সামাজিক মাধ্যমত প'ষ্ট কৰিবলৈ হ'লে উচ্চতম ন্যায়ালয় অথবা নিৰ্দিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া অনুমতিৰ প্ৰয়োজন হ'ব।
আদালতৰ কাৰ্যক্ৰমৰ কোনো নির্দিষ্ট অংশৰ ভিডিঅ' সম্প্ৰচাৰৰ জৰিয়তে আদালতৰ কাৰ্যক্ৰমৰ বিকৃত উত্থাপন কৰা হৈ আহিছে বুলি সর্বোচ্চ ন্যায়ালয়ে প্রকাশ কৰে। ন্যায়ালয়ৰ শুনানি বা অন্যান্য কাৰ্যক্ৰমৰ ভিডিঅ' ডিজিটেল মাধ্যমত সম্প্ৰচাৰ নিয়ন্ত্ৰণ কৰাৰ সন্দৰ্ভত দাখিল হোৱা এখন আৱেদনৰ শুকুৰবাৰে শুনানি গ্রহণ কৰে মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগসী আৰু ন্যায়াধীশ ভি ম'হানাৰ বিচাৰপীঠে।
তিনিজনীয়া বিচাৰপীঠে বিষয়টোৰ গুৰুত্ব বুজি বিচাৰ প্ৰক্ৰিয়াক কলংকিত কৰিব পৰা যিকোনো ভিডিঅ' প্ৰচাৰৰ আগতে ন্যায়ালয়ৰ পৰা অনুমতি লোৱাৰ বাবে সকলো পক্ষকে নির্দেশ দিয়ে।