যোৰহাটত বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা, সাহায্যৰ পৰা বঞ্চিত হ'ব নোৱাৰিব দুৰ্গত লোক

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : যোৰহাট জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ ওপৰত কালি যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত বৈঠকখনত সন্মানীয় মন্ত্ৰীগৰাকীয়ে জিলাখনত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সবিশেষ বুজ লোৱাৰ লগতে ইয়াৰ মোকাবিলা কৰিবলৈ প্রতিটো বিভাগে গ্রহণ কৰা কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰে। তেখেতে জিলাখনৰ সংশ্লিষ্ট বিভাগীয় মুৰব্বীসকলক সাম্প্রতিক বানপানীত জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ এক সঠিক প্রতিবেদন অতি সোনকালে স্থানীয় বিধায়কসকলৰ সৈতে আলোচনা কৰি দাখিল কৰিবলৈ নির্দেশ প্ৰদান কৰে। 

মন্ত্ৰীগৰাকীয়ে জিলা কৃষি বিভাগক বানপীড়িত কৃষক ৰাইজৰ সুবিধাৰ্থে আৰু কৃষিকাৰ্যৰ উন্নতিৰ বাবে বিশেষ কার্যপন্থা গ্রহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে পশুপালন আৰু পশু চিকিৎসা বিভাগক হৈ যোৱা বানত হোৱা পশুধনৰ ক্ষতিৰ সঠিক প্রতিবেদন জমা দিয়াৰ লগতে পশুখাদ্য যাতে বানপীড়িত ৰাইজে পর্যাপ্ত পৰিমাণে পায়, তাৰ ওপৰত সতর্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্রদান কৰে। ইয়াৰ উপৰি তেওঁ স্বাস্থ্য বিভাগক আশ্রয় শিবিৰসমূহত আৰু বান প্লাৱিত অঞ্চলৰ জনসাধাৰণক উপযুক্ত চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক বানপীড়িতসকলৰ বাবে বিশুদ্ধ খোৱাপানী যোগান আৰু অনাময় ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। জলসম্পদ বিভাগক মথাউৰি আৰু খহনীয়াগ্রস্ত অঞ্চলসমূহ পুনৰ নিৰ্মাণৰ কাম যথাসম্ভৱ সোনকালে হাতত ল'বলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্রদান কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত উপস্থিত সকলো বিভাগীয় মুৰব্বীসকলক এই জটিল সন্ধিক্ষণত নিজ নিজ বিভাগৰ কাম-কাজ নিৰীক্ষণ কৰাৰ উপৰি এজনো বানপীড়িত লোক যেন সাহায্যৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। তেওঁ সকলোকে উদ্ধাৰ কাৰ্যত সক্রিয়ভাবে জড়িত হ'বলৈ নির্দেশ দিয়ে। বৈঠকত উপস্থিত থাকি কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই পৌৰসভাৰ পৌৰপতিসকলক তেওঁলোকৰ এলেকাৰ ক্ষয়-ক্ষতিৰ এক বিস্তৃত প্রতিবেদন দাখিল কৰিবলৈ আহ্বান জনায়। লগতে যোৰহাট পৌৰসভাক যোৰহাট চহৰৰ কৃত্ৰিম বানপানী সমস্যাৰ সন্দৰ্ভত অতি ক্ষিপ্ৰতাৰে বিজ্ঞানসন্মত পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ প্রদান কৰে। 

কালিৰ বৈঠকত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মি, তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালা, টীয়কৰ বিধায়ক বিকাশ শইকীয়া, জিলা আযুক্ত জয় শিৱানী, উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্র গগৈ, বিভিন্ন পৌৰসভাৰ পৌৰপতিসকল, জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, সম-জিলা আয়ুক্তসকল, অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন বাহিনী, ৰাজ্যিক দুর্যোগ প্রশমন বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকল আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Share This