ডিজিটেল ডেস্ক : অহা ১০ জুলাইত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন দ্বিতীয় কার্যকালৰ প্রথম পূর্ণাংগ বাজেট দাখিল কৰিব বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই। অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত কালি অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ (বি এ চি) এখন গুৰুত্বপূৰ্ণ বৈঠক বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। এই বৈঠকত অহা ৬ জুলাইৰ পৰা ৩১ জুলাইলৈ চলিবলগীয়া ২৬ দিনীয়া অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ বিতং কার্যসূচীত অনুমোদন জনোৱা হয়।
উল্লেখযোগ্য যে বিধানসভাৰ এই অধিৱেশনৰ সৰ্বমুঠ কৰ্মদিনৰ সংখ্যা হ'ব ২১ দিন। অহা ১০ জুলাইত এই অধিৱেশনতে বিত্তমন্ত্রীয়ে বাজেট উত্থাপন কৰিব। উক্ত বৈঠকত সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই ভার্চুৱেলী অংশ গ্ৰহণ কৰাৰ উপৰি মন্ত্রী কেশৱ মহন্ত, বিধায়ক চন্দ্রমোহন পাটোৱাৰী, জাকিৰ হুছেইন শিকদাৰ, শ্বেৰমান আলী আহমেদ, মজিবুৰ ৰহমান, ডাঃ জয়প্রকাশ দাস উপস্থিত থাকে।