'অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ', প্রধানমন্ত্রী মোদীক শ্ল'ভাকিয়াৰ সর্বোচ্চ সন্মান

dainik janambhumi June 17, 2026

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক শ্ল'ভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অৰ্ডাৰ অব্ দ্য হোৱাইট ডাবল ক্রছ' প্রদান কৰা হয়। এই সন্মান লাভকৰা মোদী প্রথমজন ভাৰতীয়। সোমবাৰে শ্ল'ভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিনিয়ে প্রধানমন্ত্রী মোদীক প্রদান কৰে। এই সন্মান গ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে শ্ল'ভাকিয়াৰ ৰাষ্ট্ৰপতি আৰু দেশখনৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। 

সন্মান গ্রহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সন্মান ভাৰতৰ ১৪০ কোটি লোক আৰু ভাৰত তথা শ্ল'ভাকিয়াৰ মাজৰ গভীৰ সম্পৰ্কক সমর্পণ কৰা হৈছে। পাছত প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'আজি সন্ধিয়া ব্রাতিস্নাভাত 'দ্য অৰ্ডাৰ অব্ দ্য হোৱাইট ডাবল ক্রছ' (ফাৰ্ষ্ট ক্লাছ) সন্মান লাভ কৰি সন্মানিত বোধ কৰিছোঁ। এই সন্মানৰ বাবে শ্ল'ভাকিয়াৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছোঁ। এই সন্মান ভাৰতৰ ১৪০ কোটি লোকৰ। মই এই সন্মান ভাৰত-শ্ল'ভাকিটাৰ অটুট সম্পর্কলৈ উৎসৰ্গা কৰিছোঁ।' 

উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে শ্ল'ভাকিয়া ভ্রমণ কৰা প্ৰথমজন ভাৰতীয় প্রধানমন্ত্রী। তেওঁ ইয়াকে ধৰি বিশ্বৰ ৩৩খন দেশৰ পৰা সর্বোচ্চ নাগৰিক সন্মান লাভ কৰিলে। উল্লেখযোগ্য যে 'দ্য অৰ্ডাৰ অব্ দ্য হোৱাইট ডাবল ক্রছ' (ফাৰ্ষ্ট ক্লাছ) শ্ল'ভাকিয়াই বিদেশৰ গণ্য-মান্য ব্যক্তি তথা নেতাক প্রদান কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত সোমবাৰে দুয়োখন দেশে ১১খন চুক্তিত স্বাক্ষৰ কৰে। ইফালে প্রধানমন্ত্রীয়ে সোমবাৰে শ্ল'ভাকিয়াৰ ৰাষ্ট্ৰপতি এলেগ্রিনিৰ সৈতে দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা এটা যোগ শিবিৰতো অংশগ্ৰহণ কৰে। শিবিৰত দেশখনৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত প্রধানমন্ত্রীয়ে এলেগ্রিনিক উপহাৰ প্ৰদান কৰে। ইয়াৰ উত্তৰত ৰাষ্ট্ৰপতিজনেও প্ৰধানমন্ত্ৰীক উপহাৰ প্ৰদান কৰে। প্রধানমন্ত্রীয়ে এখন পেইন্টিং প্রদর্শনীও দৰ্শন কৰে।

Share This