ডিজিটেল ডেস্ক : বিশ্বৰ দুই ছুপাৰ পাৱাৰ ৰাষ্ট্ৰ আমেৰিকা আৰু ৰাছিয়াৰ দুখন পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা যুঁজাৰু বিমান সোমবাৰে পৃথকে দুর্ঘটনাত পতিত হৈ ধ্বংসপ্রাপ্ত হয়। মার্কিন বায়ু সেনাৰ বি-৫২ বোমাৰু বিমানখন দক্ষিণ কেলিফর্নিয়াৰ মোজাভ মৰুভূমিত থকা এডৱাৰ্ডছ বায়ু সেনা ঘাটিৰ পৰা উৰা মৰাৰ খন্তেক পাছতে দুর্ঘটনাত পতিত হয়। দুর্ঘটনাটোত বয়িঙৰ বিমানখনত থকা দুজন পৰিচাৰক, ৬ মার্কিন বায়ু সেনাসহ ৮জন লোকৰ মৃত্যু হয়।
মার্কিন বায়ু সেনাৰ কর্নেল জেমছ হেইছে কয় যে এটা নিয়মীয়া পৰীক্ষামূলক অভিযানত বিমানখন উৰাৰ কেইমুহূৰ্তমানৰ ভিতৰতে দুর্ঘটনাটো ঘটে। ৮টা ইঞ্জিনযুক্ত বিমানখনে পাৰমাণৱিক বোমাৰ লগতে পৰম্পৰাগত বোমাও কঢ়িয়াই নিব পাৰিছিল। সোমবাৰে ৰাছিয়াৰো এখন যুঁজাৰু বিমান দুর্ঘটনাত ধ্বংসপ্রাপ্ত হয়।
দেশখনৰ টি ইউ-২২ এম ৩ নামৰ কৌশলগত বোমা পৰিবাহী বিমানখন ছাইবেৰিয়াৰ ইৰকুটস্ক অঞ্চলত দুর্ঘটনাগ্রস্ত হয়। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।