ডিজিটেল ডেস্কঃ দুখ-দুৰ্দশাৰ আঁৰৰ পৰা ওলোৱা তিনি গৰাকী নৱ ঊদ্দীপ্ত এথলেটিছ প্ৰতিভা লখিমপুৰৰ জুবিন গোহাঁই , চৰাইদেউৰ মেঘালী বুঢ়াগোহাঁই , নলবাৰীৰ ৰাজৰ্ষি বৰ্মনে সম্ভাৱনাৰ নতুন আখ্যান লিখি বিশ্বমানৰ আই আই এছলৈ নিৰ্বাচিত হৈছে JSW ৰ বেঙ্গালুৰুস্থিত (IIS )প্ৰশিক্ষণ ভূমিত আঁকোৱালি লৈছে অসমৰ তিনি সন্তানক।
তেওঁলোকে প্ৰমাণ দিছে সম্ভাৱনা মানে কেৱল প্ৰতিভাৰ পৰিচয়, অসমীয়াৰ আশা, উঠি অহা প্ৰজন্মৰ নতুন মানচিত্ৰ । দেশৰ আগশাৰীৰ ব্যাৱসায়িক প্ৰতিষ্ঠান জে এছ ডব্লিউ অধীনস্থ কৰ্ণাটক বিজয় নগৰৰ ইনস্পায়াৰ ইনষ্টিটিউট অব স্প'ৰ্টছ চমুকৈ আই আই এছত ৮ দিন ধৰি (২১ মে'ৰ পৰা ২৯ মে' পৰ্যন্ত)হৈছিল মুকলি বাছনী শিবিৰটো । আমন্ত্ৰিত অসমৰ এথলীটসকল আছিল -জুবিন গোহাঁই, মোহন বড়ো, মেঘালী বুঢ়াগোহাঁই, ধৃতিমা উজিৰ, অভিলাষা দত্ত আৰু ধৃতিমা ডেকা । ৰাজৰ্ষি বৰ্মনে জানুৱাৰী মাহত অনুষ্ঠিত আই আই এছত মুকলি বাছনিৰ দ্বাৰা চূড়ান্ত শিবিৰলৈ নিৰ্বাচিত হয় ।
খেলুৱৈ কেইগৰাকী প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে । ছগৰাকী খেলুৱৈ নিৰ্বাচিত হৈছিল খেল মহাৰাণ ২.০ ফাইনেলৰ পৰা ৷ খেলুৱৈসকলক চূড়ান্ত বাছনি কৰিবলৈ আহিছিল আই আই এছৰ টেলেণ্ট চাৰ্চ টীম । তেওঁলোক তিনিও অহা সাত আৰু ১৫ জুলাইৰ পৰা আন্ত:ৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিব ।
উৎস: প্ৰাগ নিউজ ডিজিটেল