বজ্ৰং দলক নিষিদ্ধ কৰক!নাগৰিকত্ব আইন সংশোধন বিৰোধী  সমন্বয় সমিতি, অসম

Jyoti Borah July 31, 2023

ডিজিটেল ডেস্ক:নাগৰিকত্ব আইন সংশোধন বিৰোধী  সমন্বয় সমিতি, অসমৰ সভাপতি ডঃহীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে মংগলদৈত বজ্ৰং দলৰ দ্বাৰাবন্দুক আদিৰ অস্ত্ৰশিক্ষা আৰু অস্ত্ৰচালনাৰ আখড়া কৰা কাৰ্যৰ কঠোৰ ভাষাৰে বিৰোধিতা কৰিছে।এক বিবৃতিত কয় যে যি সময়ত বিশ্ব জলবায়ু সংকটৰ ফলত অসমতো ভয়ানক উত্তপ্ত বতৰ  দেখা গৈছে,উৎকট মূল্যবৃদ্ধিয়ে সাধাৰণ জনগণৰ জীৱননিৰ্বাহ অসম্ভৱ কৰি তুলিছে,সেই সময়তে জনগণৰ শত্ৰু আৰু শোষক মহলৰ বন্ধুৱে আচল শত্ৰু লুকুৱাই ভুৱা শত্ৰু আবিষ্কাৰ কৰি সৰ্বনাশী উত্তেজনা সৃষ্টি কৰিছে ।বিবৃতিত কয় যে বজ্ৰং দল তেনেকুৱাই এটা দল আৰু এতিয়া এই দলেই মঙলদৈত মুকলিকৈ অস্ত্ৰশিক্ষা আৰু অস্ত্ৰ চালনাৰ আখড়া পাতিছে। সমিতিয়ে শংকা ব্যক্ত কৰি কয় যে  এক বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে এই আখড়া অনুষ্ঠিত কৰা হৈছে। লগতে কয় যে এনে কাৰ্যকলাপে মিছাতে সমাজত শংকা আৰু বিদ্বেষৰ ভাব বিয়পোৱা লগতে অনাহক সন্দেহ আৰু উত্তেজনা সৃষ্টি কৰে।

জিলা প্ৰশাসনে তেনে এক আইনবিৰোধী কাম কৰিবলৈ কেনেকৈ অনুমতি দিব পাৰে বুলি সমিতিয়ে প্ৰশ্ন কৰে । বিবৃতিত কয় যে যদি প্ৰশাসনৰ অনুমতি লোৱা নাছিল তেন্তে  তাত তৎক্ষণাত হস্তক্ষেপ কৰি নেতাবিলাকক গ্ৰেপ্তাৰ  কৰাৰ প্ৰয়োজন আছিল। প্ৰশাসনৰ নিস্ক্ৰিয়তাই চৰকাৰৰ সদিচ্ছা সম্পৰ্কেও সন্দেহ জন্মাইছে বুলি বিবৃতিত উল্লেখকৰে।সমিতিয়ে কয় যে এই অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যই আৰক্ষীৰ প্ৰয়োজনীয়তা আৰু এক আইনসংগত সংস্থা হিচাপে তেওঁলোকৰ অস্তিত্বক নাকচ কৰিছে ।

সমিতিয়ে চৰকাৰক প্ৰশ্ন কৰে যে আন দল বা সংগঠনক সমদল-সভা আনকি শান্তি-সমদল পৰ্যন্ত কৰিবলৈ অনুমতি নিদিয়া প্ৰশাসনে বে-আইনী অস্ত্ৰ চালনা প্ৰশিক্ষণৰ অনুমতি কেনকৈ দিয়ে। সমিতিয়ে এই ক্ষেত্ৰত  সংবাদপত্ৰৰ সজাগ ভূমিকাৰ শলাগ লয় আৰু  অসমত বজ্ৰং দলৰ কাৰ্যকলাপ তুৰন্তে  নিষিদ্ধ কৰিবলৈ আৰু তাৰ সংশ্লিষ্ট নেতা কেইজনক গ্ৰেপ্তাৰ কৰি যথাবিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমিতিয়ে চৰকাৰক দাবী জনায়। সমিতিয়ে অসমৰ ৰাইজকো এই ধৰণৰ  ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনাইছে।

Share This