নগালেণ্ডৰ বিৰুদ্ধে ড্র খেলিলে অসমে

dainik janambhumi January 24, 2026

ডিজিটেল ডেস্ক : ৭৯সংখ্যক সন্তোষ ট্ৰফী ফুটবলৰ মূল ৰাউণ্ডত কালি ঘৰুৱা অসমে নিজৰ দ্বিতীয়খন গ্রুপ লীগ খেলত নগালেণ্ডৰ বিৰুদ্ধে ৩-৩ গ'লত ড্র খেলি পইন্ট ভগাই লয়। ঢকুৱাখনাৰ বিষ্টুৰাম মেধি খেলপথাৰত হোৱা গ্রুপ 'এ'ৰ খেলখনত অসমে ঘৰুৱা দৰ্শকৰ সন্মুখত নগালেণ্ডক আৰম্ভণিৰে পৰা চাপত ৰাখিবলৈ সক্ষম হৈছিল যদিও খেলৰ গতিৰ বিপৰীতে নগালেণ্ডৰ লাইৱাং ব'হমে সুযোগৰ সদ্ব্যৱহাৰ কৰি এক দর্শনীয় হেডিঙৰ জৰিয়তে দলক পোনতে ১-০ গ'লৰ অগ্রগতি দিয়ে। 

খেলৰ ৩৯ মিনিটত ডিফেণ্ডাৰ দ্বিদুম হাজোৱাৰীয়ে অসম দলৰ হৈ সমতা স্থাপন কৰে (১-১)। দ্বিতীয়ার্ধত অসম দলৰ ডিফেন্সৰ এক ভুলৰ তৎকালীন সুযোগ লৈ ৫৪ মিনিটত নগালেণ্ড দলে এছ আয়েনমংগৰ গ'লেৰে পুনৰ ২-১ ব্যৱধানত অগ্রগতি লাভ কৰে। খেলৰ ৬২ মিনিটত ডিফেণ্ডাৰ আক্ৰাং নাৰ্জাৰীয়ে গ'ল দি অসমক পুনৰ ২-২ গ'লৰ সমতালৈ নিয়ে। গ'ল পাই আক্রমণাত্মক ৰূপ লোৱা অসমৰ হৈ ৭৬ মিনিটত মিডফিল্ডাৰ টিম'থি নাৰ্জাৰীয়ে বক্সৰ পৰা লোৱা এক শক্তিশালী শ্বটৰ সহায়ত অসমৰ অগ্রগতি ৩-২লৈ বৃদ্ধি কৰিছিল। তেনেদৰেই বেকফুটলৈ যোৱা নগালেণ্ডে পৰৱৰ্তী সময়ত প্রত্যাক্রমণ জোৰদাৰ কৰি ৬ মিনিটৰ ব্যৱধানতে (৮২ মিনিটত) ৩-৩ৰ সমতা স্থাপন কৰে। 

নগালেণ্ড দলৰ হৈ তৃতীয় গ'লটো কাৰ্যকৰী কৰে এট'য়ে। দিনটোৰ আন দুখন খেলত ক্রমে পশ্চিম বংগই নাৰ হৰি শ্রেষ্ঠই অতিৰিক্ত সময়ত দিয়া গ'লৰ সহায়ত উত্তৰাখণ্ডক পৰাজিত কৰে। এই জয়েৰে মুঠ ৬ পইণ্টৰে গ্ৰুপ 'এ'ৰ শীৰ্ষত উপনীত হয় পশ্চিম বংগ দল। চিলাপথাৰত হোৱা গ্রুপ 'এ'ৰ খেলত ৰাজস্থানে তামিলনাডুৰ বিৰুদ্ধে ১-০ গ'লত জয়ী হৈ সম্পূর্ণ ৩ পইন্ট অর্জন কৰে। ৰাজস্থান দলৰ হৈ ৭৮ মিনিটত গ'ল দিয়ে ছাবষ্টিটিউট খেলুৱৈ মহম্মদ আদনানে। ২৪ জানুৱাৰীত চিলাপথাৰত পুৱা ৯ বজাত কেৰালা বনাম ৰে'লৱে, দিনৰ ২ বজাত ছার্ভিছেজ বনাম ওড়িশা। ঢকুৱাখনাত দিনৰ ২ বজাৰ পৰা পঞ্জাবে মেঘালয়ৰ বিৰুদ্ধে খেলিব।

Share This