ডিজিটেল ডেস্ক : বিশ্বকাপ ফুটবলৰ জ্বৰত সমগ্ৰ পৃথিৱী আক্ৰান্ত হৈ থকাৰ মাজতে দুবছৰ বিৰতিত কালি অসম ফুটবল সন্থাৰ (এ এফ এ) গভর্নিং ব'ডীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এ এফ এৰ সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন ক্রীড়া মন্ত্রী নৱ দলেৰ পৌৰোহিত্যত খানাপাৰাস্থিত বড়োলেও অতিথিশালাৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত অসম ফুটবলৰ ভৱিষ্যৎ পৰিকল্পনা, সংবিধান সংশোধন, বিগত তিনি বছৰৰ কাৰ্যপন্থা ইত্যাদি বিষয়ৰ আলচ কৰাৰ লগতে সদনৰ পৰামৰ্শমৰ্মে সিদ্ধান্ত গ্রহণ কৰা হয়।
সেই অনুসৰি অসম ফুটবল সন্থাই ৰাজ্যখনৰ ফুটবল ক্ষেত্ৰক বিশ্ব ফুটবলৰ সৈতে ফেৰ মাৰিব পৰাকৈ সঠিক দিশত আগুৱাই নিয়াৰ স্বাৰ্থত হাতত লৈছে মিছন ২০৪৭। সভাত সেই দিশত বৈদ্যুতিন উপস্থাপনৰ সহায়ত চমু আলোকপাতো কৰে কৰ্তৃপক্ষই। আনহাতে, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ শেহতীয়া আৰ্হি আৰু কেন্দ্ৰীয় চৰকাৰৰ স্প'ৰ্টছ ক'ড মানি এ এফ এৰ সংবিধানখন সংশোধিত ৰূপত প্রস্তুত কৰিবলৈ সভাই নির্বাচিত চাৰিজনীয়া সমিতিক দায়িত্ব অর্পণ কৰে।
সমিতিৰ সদস্যসকল হ'ল এ এফ এৰ সাধাৰণ সম্পাদক ড° চাংৰাং ব্রহ্ম, অসম অলিম্পিকৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, উপ-সভাপতি শান্তনু পূজাৰী আৰু এডভোকেট ইন্দ্রনীল গগৈ।