ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ নামকৰণ এতিয়াৰে পৰা সংৰক্ষিত - হ'ব। সর্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' নামকৰণ কৰি কোনো সংগঠন, বিশেষ প্রতিষ্ঠান বা ব্যক্তিয়ে বঁটা, সন্মান দিব নোৱাৰিব।
বিভিন্ন সময়ত কেতবোৰ সংগঠন, সংস্থা আদিয়ে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মানকেইটাৰ সাদৃশৰে বঁটা বা সন্মান প্রদান কৰাৰ ফলত ৰাইজৰ মাজত বিভ্রান্তিৰ সৃষ্টি হোৱাত সাধাৰণ প্ৰশাসন বিভাগে উক্ত সম্মানৰ নামকৰণ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰিছে।
ৰাজ্য চৰকাৰে প্ৰদান কৰা সর্বোচ্চ ৰাজ্যিক অসামৰিক বঁটাৰ পৱিত্ৰতা আৰু অনন্যতা বৰ্তাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আনে একে নামকৰণ কৰি সন্মান বা বঁটা প্ৰদান কৰিব নোৱাৰিব।