সন্তোষ ট্ৰফীৰ কোৱাৰ্টাৰত অসম

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক : ৭৯সংখ্যক সন্তোষ ট্রফীৰ গ্ৰুপ 'এ'ত থকা অসম দলে প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেললৈ চতুর্থ স্থানৰ দল হিচাপে যোগ্যতা অর্জন কৰিছে। অসম দলে ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্রীড়া ক্ষেত্রত যোৱা বছৰৰ চেম্পিয়ন দল পশ্চিম বংগৰ সৈতে মুখামুখি হয়। পশ্চিম বংগ দলৰ আকাশ হেমৰামে দলৰ হৈ প্ৰথমটো গ'ল দিয়ে আৰু দ্বিতীয়ার্ধ্বত অসম দলে আক্ৰমণৰ গতি বৃদ্ধি কৰে আৰু ইয়াৰ ফলাফল ৰূপে ৮৩ মিনিটত বক্সৰ ভিতৰত কৰা এটা ফাউলৰ বাবে পেনাল্টি লাভ কৰে। 

এই পেনাল্টিৰ সুযোগ লৈ ঋতুৰাজ মোহনে অসম দলৰ হৈ ১-১৩ সমতা স্থাপন কৰে। ৫খন খেলৰ এখনত জয় আৰু ৪খনত ড্ৰৰে মুঠ ৬ পইণ্টৰ সহায়ত অসম দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰে। আনহাতে, পশ্চিম বংগ দলে মুঠ ১১ পইন্টেৰে গ্ৰুপ 'এ'ৰ শীৰ্ষস্থানৰ দল হিচাপে যোগ্যতা অর্জন কৰে। উক্ত খেলপথাৰত হোৱা দিনটোৰ প্ৰথমখন খেলত নগালেণ্ড দলে ৰাজস্থান দলৰ সৈতে ২-২ গ'লত ড্র খেলে। খেলৰ প্ৰথমার্ধ্বত অমিত কুমাৰে ৰাজস্থান দলক প্ৰথমটো অগ্রগতি দিবলৈ সক্ষম হয় যদিও নগালেণ্ড দলৰ আয়েমমম্বাই খেলৰ ৩৩ মিনিটত ১-১ৰ সমতা স্থাপন কৰে। দ্বিতীয়ার্ধ্বত প্রথমে ৭৬ মিনিটত মুকেশ কুমাৰে পেনাল্টিৰ জৰিয়তে দলক ২-১ৰ অগ্রগতি দিছিল যদিও ৮২ মিনিটত নগালেণ্ড দলে অন্য এটা পেনাল্টি লাভ কৰে। 

নগালেণ্ডে এই পেনাল্টিৰ সহায়ত ব্যৱধান ২-২ কৰে। এই ড্ৰৰ পাছত ৰাজস্থান দলে ৭ পইণ্টেৰে তৃতীয় স্থানৰ দল হিচাপে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰে। মৰণপণ যুঁজত চিলাপথাৰত উত্তৰাখণ্ড দল মুখামুখি হয় তামিলনাডু দলৰ। দ্বিতীয়ার্ধ্বত উত্তৰাখণ্ড দলৰ আক্ৰমণাত্মক স্থিতিৰ সুযোগ গ্রহণ কৰি এক কাউণ্টাৰ এটেকৰ সহায়ত তামিলনাডু দলৰ উমাশংকৰে দলক ১-০ৰ ব্যৱধানত জয়ী কৰোৱায়।

Share This