ডিজিটেল ডেস্ক : ৭৯ সংখ্যক সন্তোষ টুফীৰ গ্ৰুপ 'বি' তথা প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ছার্ভিচেজ দলে কেৰালা দলক ১-০ ব্যৱধানত পৰাজিত কৰে। মৰণপণ যুঁজত ছার্ভিচেজ দলৰ অভিষেক পাৱাৰে প্ৰথম অৰ্ধৰ ১৮ মিনিটত গ'ল দি গুৰুত্বপূৰ্ণ অগ্রগতি প্রদান কৰে। দ্বিতীয় অৰ্ধৰ ৬৫ মিনিটত কেৰালা দলৰ মিডফিল্ডাৰ মহম্মদ অসৰে দ্বিতীয়খন হালধীয়া কার্ড পাই খেলপথাৰৰ পৰা বাহিৰ হ'ব লগীয়া হয়, যাৰ বাবে বাকী থকা ২৫ মিনিট কেৰালা দলে ১০জন খেলুৱৈৰে খেলিব লগীয়া হয়।
দ্বিতীয় অর্ধত ছার্ভিচেজ দলে গ'ল দিয়াৰ কেইবাটাও সুযোগ পাইছিল যদিও ব্যর্থ হয়। এই জয়েৰে ছার্ভিচেজ দলে গ্রুপ 'বি'ত ৬ পইন্টেৰে উন্নত গ'লৰ ব্যৱধানৰ আধাৰত কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। ইফালে, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে কোৱাৰ্টাৰ ফাইনেলৰ সময়সূচী ঘোষণা কৰিছে। পূৰ্বতে কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ ২ আৰু ৩ ফেব্ৰুৱাৰীত প্রতিদিনে দুখনকৈ খেল হোৱাৰ কথা আছিল যদিও নতুন সূচী অনুসৰি কোৱাৰ্টাৰ ফাইনেলৰ ৪খন খেল ৩ ফেব্ৰুৱাৰীত চিলাপথাৰ আৰু ঢখুৱাখনাত অনুষ্ঠিত হ'ব।
চিলাপথাৰত পুৱা ৯ বজাত তামিলনাডু বনাম পঞ্জাব, আৰু দিনৰ দুই বজাত উক্ত খেলপথাৰত ঘৰুৱা দল অসম মুখামুখি হ'ব যোৱাবাৰৰ ৰানাৰ্ছ আপ আৰু গ্ৰুপ 'বি'ৰ শীৰ্ষস্থানৰ দল কেৰালাৰ বিৰুদ্ধে। ঢকুৱাখনাৰ বিষ্টুৰাম দলে খেলপথাৰত পুৱা ৯ বজাত ৰে'লৱে বনাম ৰাজস্থান আৰু দিনৰ ২ বজাত পশ্চিম বংগৰ বিৰুদ্ধে খেলিব ছার্ভিচেজ দলে।