নাগাজাংকাৰ সমীপত নগাই স্থাপন কৰা ৰবৰৰ বাগান পৰিদৰ্শন অসম-নগালেণ্ডৰ বিষয়াৰ

dainik janambhumi July 07, 2025

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ নির্লিপ্ততাৰ সুযোগ লৈ অসমৰ ইখনৰ পাছত সিখন ঠাইত নগালেণ্ডে চলোৱা অবাধ বেদখল এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে। শেহতীয়াকৈ মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী নাগাজাংকা চাহ বাগিচাৰ সমীপত অসমৰ মাটিত নগাই ব্যাপক বেদখল চলোৱা পৰিলক্ষিত হৈছে। অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাটিত নগাই বেদখল চলাই বৃহৎ ৰবৰ বাগান স্থাপন কৰাৰ সন্দৰ্ভত 'দৈনিক জনমভূমি'ৰ ৪ জুলাইৰ সংখ্যাত বাতৰি প্ৰকাশ হৈছিল। তাৰ পাছতেই তৎপৰ হৈ পৰে প্ৰশাসন। অসমৰ মাটিত সাম্প্রতিক সময়ত নগাৰ কোনো বেদখল হোৱা নাই বুলি প্ৰচাৰ চলাবলৈ যোৱা একাংশ লোকৰ লগতে প্রশাসন এইবাৰ তৎপৰ হৈ পৰে। অসম আৰু নগালেণ্ডৰ মোককচাং জিলাৰ অন্তর্গত মাংকুলেম্বা মহকুমা প্রশাসনৰ এটা দলে যৌথভাৱে উক্ত অঞ্চল পৰিভ্ৰমণ কৰি সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।

সেই অনুসৰি দেওবাৰে তিতাবৰৰ সীমান্ত দণ্ডাধীশ, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া, মৰিয়নিৰ বনাঞ্চলিক বিষয়া, নিউ সোণোৱালৰ খণ্ড বন বিষয়া, মৰিয়নিৰ আৰক্ষী প্ৰমুখ্যে প্রশাসন, বন বিভাগ আৰু আৰক্ষীৰ এটা দল নাগাজাংকাৰ সমীপত নগাই স্থাপন কৰা ৰবৰ বাগানত উপস্থিত হয়। নগালেণ্ডৰ তৰফৰ পৰাও সীমান্ত দণ্ডাধীশ, মাংকুলেম্বাৰ মহকুমা আৰক্ষী বিষয়া প্রমুখ্যে প্রশাসন আৰু আৰক্ষীৰ এটা দল উপস্থিত হয়হি। দুয়োপক্ষৰ মাজত অনানুষ্ঠানিক আলোচনা হয়। 

নগালেণ্ডৰ বিষয়াকেইজনে দাবী কৰা মতে, সেই ঠাইডোখৰ নগালেণ্ডৰ ভিতৰত পৰে। বহু বছৰৰ পৰাই তাত নগালোকে খেতি-বাতি কৰি অহা বুলিও তেওঁলোকে দাবী কৰে। অসমৰ দলটোৱে সেই দাবী অস্বীকাৰ কৰে । উল্লেখযোগ্য যে জনতা চৰকাৰৰ দিনত নিৰ্মাণ কৰা সীমান্তৱৰ্তী নিউ সোণোৱাল মৰঙীয়াল সংযোগী গড়কাপ্টানী পথটোকে সম্প্রতি সীমান্ত পথস্বৰূপ হৈ পৰা দেখা গৈছে। নগাৰ দলটোৱেও এই পথটোকেই দুয়োখন ৰাজ্যৰ সীমা বুলি দাবী কৰে। অৱশ্যে অসমৰ দলটোৱে তথ্যসহকাৰে সেয়া অসমৰ মাটি বুলিহে জনায়। কিন্তু এই দ্বি-পাক্ষিক আলোচনাৰ অন্ততো বিশেষ কোনো ফলাফল নোলাল। পিছত দুয়োপক্ষৰ আলোচনা মর্মে সমগ্র বিষয়টোৰ সন্দৰ্ভত শীঘ্রেই নিজ নিজ চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। 

ইফালে, অসম চৰকাৰৰ ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ। অসমৰ মাটিত নগাই বেদখল চলাই ৰবৰ বাগান স্থাপন কৰাৰ পাছতো অসমৰ প্ৰশাসনে মাত্ৰ পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিছে। নগাৰ বেদখল উচ্ছেদ কৰিবলৈ অসমৰ প্ৰশাসনৰ সাহস নাই বুলিও সীমান্তৱর্তী অঞ্চলৰ ৰাইজে মতপোষণ কৰিছে। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও অসমৰ মাটি নগালেণ্ডে নিজৰ দখললৈ নিয়াৰ পাছত এইদৰে দুয়োখন ৰাজ্যৰ মহকুমা পৰ্যায়ৰ বিষয়াই আলোচনা-বিলোচনা কৰি আহিছে যদিও সেয়া সিমানতে তল পৰা দেখা গৈছে। কোনো কাৰণতে এনেবোৰ বিষয় ঊর্ধ্বতন কর্তৃপক্ষৰ কাষ নাপায়গৈ। ফলত নগাৰ বেদখলীকৃত স্থানসমূহ নিগাজি হৈ যায় আৰু অসম চৰকাৰেও সেইবোৰক লৈ মূৰ ঘমোৱা বাদ দিয়ে। ফলস্বৰূপে অসমৰ মাটি নগাৰ হাতলৈ গৈ আছে। এতিয়া দুয়োপক্ষৰ পৰিদৰ্শনৰ পাছত অসমৰ প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ'ব।

Share This