ছিংগাপুৰলৈ যাবলৈ অনুমতি বিচাৰিছে অসম আৰক্ষীয়ে

dainik janambhumi October 14, 2025

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চূড়ান্ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এছ আই টিয়ে লাভ কৰিছে। কিন্তু এই প্রতিবেদন ৰাজহুৱা কৰা নহয়। তদন্তকাৰী আৰক্ষীয়ে এই প্রতিবেদন সঠিক সময়ত আদালতত দাখিল কৰিব।কালি এই কথা প্রকাশ কৰে এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই। কালি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্রকাশ কৰে যে ছিংগাপুৰ আৰু অসমত অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ লগতে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞানাগাৰে কৰা ভিছেৰা পৰীক্ষাৰ প্রতিবেদনকেইটা পৰীক্ষা কৰি অসম চৰকাৰে গঠন কৰা বিশেষজ্ঞ চিকিৎসকৰ দলে চূড়ান্ত প্রতিবেদন প্রস্তুত কৰিছে। কালি এই প্রতিবেদনখন এছ আই টিয়ে লাভ কৰে। কিন্তু এই প্রতিবেদনখন ৰাজহুৱা কৰা নহয়। এছ আই টিয়ে সঠিক সময়ত প্রতিবেদনখন আদালতত দাখিল কৰিব। 

উল্লেখযোগ্য যে পূর্বে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব বুলি প্রকাশ পাইছিল। কিন্তু সেয়া ভুল খবৰ বুলি তেওঁ কালি স্পষ্ট কৰে। তেওঁ বিশেষজ্ঞ সমিতিৰ চূড়ান্ত প্রতিবেদন লৈ তদন্ত ক্ষিপ্ৰভাৱে কৰি থকা বুলি প্রকাশ কৰি যি যি কৰিব লাগে আৰক্ষীয়ে কৰি আছে বুলি কয়। ইফালে এ ডি জি পি মুন্না প্রসাদ গুপ্তাই কালি এছ আই টিয়ে তদন্তৰ বাবে ছিংগাপুৰলৈ যাবলৈ অনুমতি বিচৰা বুলি প্রকাশ কৰে। বিনা অনুমতিত অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে বুলি সদৰী কৰি ইয়াৰ বাবে দুয়ো দেশৰ চৰকাৰৰ অনুমতিৰ প্ৰয়োজন বুলি কয়। অসম আৰক্ষীয়ে ছিংগাপুৰলৈ গৈ তদন্ত কৰিবৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জৰিয়তে মিউচুৱেল লিগেল ৰিকুৱেষ্ট প্ৰেৰণ কৰি অনুমতি বিচাৰিছে। ৩০ ছেপ্টেম্বৰত সেই প্ৰস্তাৱ ছিংগাপুৰৰ এটর্নি জেনেৰেলৰ কাৰ্যালয় পাইছেগৈ বুলি তেওঁ জনায়। তেওঁলোকে অনুমতি দিলেই অসম আৰক্ষীৰ দল ছিংগাপুৰলৈ যাবলৈ সাজু হৈ আছে বুলি তেওঁ সদৰী কৰে। ছিংগাপুৰ প্ৰশাসনৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। অসম আৰক্ষীক তদন্তৰ বাবে যিখিনি তথ্যৰ প্ৰয়োজন, সেই তথ্যখিনিও ইতিমধ্যে ছিংগাপুৰ আৰক্ষীৰ পৰা বিচৰা বুলিও তেওঁ সদৰী কৰে। আনহাতে ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্তৰ বাবে এছ আই টিৰ পৰা তথ্য বিচৰা বুলি তেওঁ প্রকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে। সেয়ে ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে প্রয়োজন হোৱা তথ্য এছ আই টিৰ পৰা বিচাৰিছে। এছ আই টিয়ে ইতিমধ্যে তেওঁলোকক প্রয়োজনীয় তথ্য প্রদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে। ইফালে জুবিন গাৰ্গৰ সৈতে অন্তিম সময়ত য়ট পার্টিত উপস্থিত থকা প্ৰৱাসী অসমীয়াসকল চি আই ডিৰ কাৰ্যালয়ত সাক্ষ্য দিবৰ বাবে হাজিৰ হোৱা সন্দৰ্ভত এছ আই টিৰ মুৰব্বী গুপ্তাই কয় যে আজি ৪জন প্ৰৱাসী অসমীয়া ক্রমে পৰীক্ষিত শৰ্মা, সিদ্ধার্থ বৰা, জলাংচাত নাৰ্জাৰী আৰু ভাস্কৰজ্যোতি দত্ত আহি তদন্তকাৰী আৰক্ষীৰ সন্মুখত হাজিৰ হ'ল। তেওঁলোকক দীর্ঘসময় ধৰি জেৰা কৰা হয়। আগন্তুক দুদিনৰ ভিতৰত বাকী থকা সকলো আহি সোঁশৰীৰে তদন্তকাৰী আৰক্ষীৰ সন্মুখত উপস্থিত হ'ব বুলি তেওঁ আশা প্রকাশ কৰে।

ইফালে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমযোগে নির্দিষ্ট সময়ৰ ভিতৰত ন্যায় বিচৰা সন্দৰ্ভত তেওঁ কয় যে আইনে নির্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি আদালতত প্রতিবেদন জমা দিয়া হ'ব। এছ আই টিয়ে অনতি পলমে যাতে তদন্ত শেষ পর্যায়ত উপনীত কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিছে। মুন্না প্রসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে তদন্ত দ্রুতগতিত আৰু আইনী পদ্ধতিৰ সম্পূৰ্ণ অনুসৰি আগবাঢ়িছে। ইফালে এক অসমর্থিত সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে লাওখোলাত আঘাত পোৱা বুলি মৰণোত্তৰ পৰীক্ষাত বিশেষজ্ঞ চিকিৎসকে সন্নিবিষ্ট কৰিছে। শিল্পীজনে চেন্ট্রেল নার্ভাচ ছিষ্টেমত আঘাত পোৱাৰ বাবে মগজুৰ গ্লাইঅ'চিছ নামৰ অংশত পৰিৱৰ্তন হোৱা বুলি প্রতিবেদনত উল্লেখ আছে। এই প্রতিবেদন অনুসৰি জুবিন গাৰ্গক ষড়যন্ত্রমূলকভাৱে হত্যা আৰু অৱহেলাৰ বাবে মৃত্যুমুখত পৰাৰ কথা স্পষ্ট হোৱা বুলিও সূত্ৰটোৱে দাবী কৰে।

Share This