ডিজিটেল ডেস্কঃ ৰাজ্যৰ শ্ৰেষ্ঠ আৰক্ষী, ২৩ থানা হিচাপে তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানা বিবেচিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে ডিগবৈ আৰক্ষী থানাক শ্রেষ্ঠ আৰক্ষী থানা হিচাপে নির্বাচিত কৰিছে।
অহা ২৬ আগষ্টত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত শ্রেষ্ঠ আৰক্ষী থানা হিচাপে প্রশংসা পত্র প্রদান কৰিব।
উল্লেখযোগ্য যে, অসম আৰক্ষীৰ পৰিদৰ্শক দিব্যজ্যোতি দত্তই ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব পালন কৰি আছে। পৰিদৰ্শক দিব্যজ্যোতি দত্তৰ নেতৃত্বত ডিগবৈ আৰক্ষী থানাই নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। বিষয়াগৰাকীৰ নেতৃত্বত ডিগবৈ অঞ্চলত অপৰাধমূলক কাম-কাজ হ্রাস পাইছে। ডিগবৈ আৰক্ষী থানাই কেইবাটাও দিশত সজাগতা আনিবলৈ সক্ষম হৈছে।
ইতিমধ্যে কেইবাটাও শিতানত ডিগবৈ আৰক্ষী থানাই প্রশংসা বুটলিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা ২৬ আগষ্টত এই সন্মান প্রদান কৰাৰ বাবে ইতিমধ্যে অনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। থানাখনৰ বিষয়া-পৰিদৰ্শক দিব্যজ্যোতি দত্তৰ লগতে বিষয়া-কৰ্মচাৰীসকলক বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।