পুৰুষ-মহিলাৰ আয়ুসৰ তালিকাত তলফালৰ পৰা চতুৰ্থ স্থানত অসম, ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ প্ৰতিবেদন

dainik janambhumi December 26, 2025

ডিজিটেল ডেস্ক : বিজ্ঞান প্রযুক্তি বিদ্যাই শিখৰ চুইছে যদিও অসমৰ লোকৰ জীৱন কাল (আয়ুস) বিশেষ বৃদ্ধি পোৱা নাই। ৰাষ্ট্ৰীয় গড়তকৈ অসমৰ লোকৰ আয়ুস যথেষ্ট কম। আনকি দেশৰ ২২ খন বৃহৎ ৰাজ্যৰ তালিকাত এই ক্ষেত্রত অসমৰ স্থান হৈছে তলৰ ফালৰ পৰা চতুর্থ। অসমবাসীৰ বাবে উদ্বেগজনক এই তথ্য প্রকাশ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই)। শেহতীয়াকৈ আৰ বি আয়ে প্রকাশ কৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন অনুসৰি অসমৰ এজন লোকৰ গড় আয়ুস হৈছে ৬৮.৬ বছৰ। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় হৈছে ৭০.৩ বছৰ।

আনহাতে ৰাজ্যখনত পুৰুষতকৈ মহিলাসকল অধিক দিন জীয়াই থাকে। সেই অনুসৰি অসমত মহিলাৰ গড় আয়ুস ৭০.৭ বছৰ হোৱাৰ বিপৰীতে পুৰুষৰ গড় আয়ুস হৈছে ৬৬.৯ বছৰ। ইফালে মহিলাৰ আয়ুসৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৭২.৫ বছৰ আৰু পুৰুষৰ ক্ষেত্ৰত হৈছে ৬৮.৫ বছৰ। অর্থাৎ মহিলা আৰু পুৰুষৰ উভয় ক্ষেত্ৰতে ৰাষ্ট্ৰীয় গড়তকৈ অসম পিছ পৰি আছে। মন কৰিব লগীয়া কথা যে অসমৰ এনে অৱস্থাৰ বিপৰীতে দেশৰ ভিতৰতে সৰ্বাধিক জীৱনকাল লাভকৰে কেৰালাৰ লোকসকলে। কেৰালাৰ লোকৰ গড় আয়ুস হৈছে ৭৫.১ বছৰ। অৰ্থাৎ ৰাষ্ট্ৰীয় গড়তকৈ কেৰালাৰ লোকসকলৰ আয়ুস প্রায় পাঁচ বছৰ অধিক। কেৰালাৰ পাছতেই এই স্থানত আছে জম্মু-কাশ্মীৰ আৰু হিমাচল প্রদেশ। এই দুয়োখন ৰাজ্যৰে লোকসকলৰ গড় আয়ুস হৈছে ৭৪.৪ বছৰ। দিল্লীৰ লোকৰ আয়ুসো হৈছে গড়ে ৭৪.২ বছৰ। আনহাতে পশ্চিম বংগৰ লোকৰ আয়ুস গড়ে ৭২.৫ বছৰ, উত্তৰাখণ্ডৰ ৭১.৩ বছৰ, তামিলনাডুৰ ৭৩.৪ বছৰ, মহাৰাষ্ট্ৰৰ ৭২.৮ বছৰ, গুজৰাটৰ ৭০.৪ বছৰ, পঞ্জাবৰ ৭০.৮ বছৰ বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। আনহাতে পুৰুষৰ ক্ষেত্ৰত জম্মু-কাশ্মীৰৰ পুৰুষসকলৰ আয়ুস দেশৰ ভিতৰতে হৈছে সর্বাধিক। ৰাজ্যখনৰ পুৰুষসকলৰ গড় আয়ুস হৈছে ৭৩.৪ বছৰ। ইয়াৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে প্রথম স্থানত আছে কেৰালা। কেৰালাৰ এগৰাকী মহিলাৰ গড় আয়ুস হৈছে ৭৮.৪ বছৰ। লক্ষণীয় কথা যে অসম, বিহাৰ, উত্তৰ প্ৰদেশ আদি দুখনমান ৰাজ্যৰ বাহিৰে আন সকলো ৰাজ্যৰে মহিলাৰ আয়ুস ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

প্রণিধানযোগ্য যে ৰিজার্ভ বেংকৰ এই তথ্যই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে শোচনীয় ছবিখন দাঙি ধৰিছে। কিন্তু কি কাৰণত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এনে অৱস্থা সেই সন্দৰ্ভত কোনো তথ্য প্রতিবেদনখনত উল্লেখ কৰা হোৱা নাই যদিও বিশেষজ্ঞসকলৰ মতে অসমত মানুহৰ আয়ুস কম হোৱাৰ মূল কাৰণসমূহ হ'ল- অস্বাস্থ্যকৰ খাদ্যাভ্যাস, ধূমপান, স্বাস্থ্যজনিত সমস্যা, দুর্বল পুষ্টি, পর্যাপ্ত স্বাস্থ্য শিক্ষাৰ অভাৱ আদি। আনহাতে সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱৰ লগতে আর্থ-সামাজিক কাৰণসমূহো ইয়াৰ বাবে দায়ী বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। তথাপি যি সময়ত দেশৰ আন ৰাজ্যসমূহৰ লোকসকলৰ আয়ুস দিনক দিনে বৃদ্ধি পাইছে, সেই সময়ত অসম এই ক্ষেত্রত পিছ পৰি থকাটো লক্ষণীয় হৈ পৰিছে।

Share This