ব্রিটেইন গট টেলেণ্টৰ ফাইনেলত অসম তনয়া বিনীতা চেত্রী

dainik janambhumi May 26, 2025

ডিজিটেল ডেস্কঃ এক অসাধাৰণ নৃত্য প্রতিভাৰে বিশ্ব দৰবাৰত জিলিকি উঠা কার্বি আংলং জিলাৰ বোকাজানৰ ৮ বছৰীয়া কণমানি বিনীতা চেত্রীয়ে ব্রিটেইনছ গট টেলেণ্টৰ চূড়ান্ত প্রতিযোগিতাত উপনীত হ'বলৈ সক্ষম হৈছে।

কালি হৈ যোৱা প্রতিযোগিতাত গোল্ডেন বাজাৰ লাভ কৰি বিনীতাই ফাইনেলত প্ৰৱেশ কৰে। অহা ৩১ মে'ত ব্রিটেইন গট টেলেণ্টৰ চূড়ান্ত পৰ্যায়ৰ অন্তিমখন প্রতিযোগিতা অনুষ্ঠিত হ'ব।

বর্তমান চতুর্থ শ্রেণীত অধ্যয়ন কৰি থকা বিনীতাই ৩ বছৰ বয়সৰ পৰাই নৃত্যগুৰু নিজৰ পেহীয়েক অনিতা দেৱীৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্রহণ কৰি আহিছে। কঠোৰ অনুশীলনেৰে ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰি তেওঁ এতিয়া বোকাজানৰ লগতে সমগ্র অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Share This