জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা

Nikimoni Kachari April 21, 2026

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান। দেশমাতৃক সেৱা কৰিবলৈ গৈ লাডাখত মৃত্যু হ’ল শিৱসাগৰ চিন্তামণিগড়ৰ সাহসী জোৱান ৰমেন বৰুৱাৰ।

লাডাখত কৰ্তব্যৰত অৱস্থাত যোৱা ১৮ এপ্ৰিলৰ নিশা প্ৰবল তুষাৰপাতৰ ফলত কৰ্তব্যৰত অৱস্থাত আকস্মিকভাৱে মৃত্যুক সাবটি লয় বৰুৱাই ৷ 

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিন্তামণিগড় জৰাবাৰী গাঁৱৰ নিৱাসী তথা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱান ৰমেন বৰুৱা (ললিত)ৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

লাডাখৰ পৰা বিশেষ বিমানেৰে ৰমেন বৰুৱাৰ মৃতদেহ গুৱাহাটীত উপস্থিত হয়। আজি পুৱা ৰমেন বৰুৱা (ললিত)ৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ পাছতে অজস্ৰজনে চকুলোৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়।

বীৰ শ্বহীদ অমৰ হওক, শ্বহীদ ৰমেন বৰুৱা অমৰ হওক ধ্বনিৰে গাঁওবাসীয়ে ৰমেন বৰুৱাৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছতেই গায়ন-বায়নেৰে আগবঢ়ায় আনে।  কেইবা শতাধিক স্থানীয় লোকে বীৰ শ্বহীদ ৰমেন বৰুৱা অমৰ হওক ধ্বনিৰে আগবঢ়ায় অনাৰ পাছতেই বাসগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ১৪৯ বি এছ এফ জোৱানে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে বীৰ জোৱানজনৰ৷ 

উল্লেখ্য যে কমল বৰুৱা আৰু কণমাই বৰুৱাৰ তৃতীয় সন্তান ৰমেনে ২০১৩ চনত সীমান্ত নিৰাপত্তা বাহিনীত যোগদান কৰিছিল৷ ৰাজস্থানত দীৰ্ঘ সময় থকাৰ পাছত ৬ মাহৰ বাবে জম্মু-কাশ্মীৰৰ লাডাখত যোগদান কৰিছিল বৰুৱাই। 

অহা ৪ মে’ত ঘৰলৈ আহিব বুলি জনাইছিল পৰিয়ালৰ লোকক। ৰমেনৰ সেই আশা অপূৰ্ণ হৈ ৰ’ল৷ আজি ৰমেনৰ নিথৰ দেহ ঘৰ আহি পোৱাৰ পাছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মাত্ৰ ৩৪ বছৰ বয়সতে জীৱন নাটৰ যৱনিকা পৰা গাঁওখনৰ সকলোৰে মাজতে দৌ বুলি পৰিচিত সুন্দৰ, সুঠাম যুৱকজনৰ আকস্মিক বিয়োগত শোকত ম্ৰিয়মাণ গাঁওবাসী ৷

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This