ডিজিটেল ডেস্ক : চতুর্দশী অসম কন্যা কস্তুৰী গগৈয়ে ৬৯সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াৰ সাঁতোৰ প্ৰতিযোগিতাত ত্রি-মুকুট দখলৰ কৃতিত্ব অৰ্জন কৰিছে। নতুন দিল্লীৰ ড° শ্যামা প্রসাদ মুখার্জী ছুইমিং পুলত চলি থকা (১২-১৭ ডিচেম্বৰ) প্রতিযোগিতাখনৰ ছোৱালীৰ ১৪ বছৰ অনূর্ধ্ব শাখাৰ ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকত কালি কস্তুৰীয়ে ১:১৯:৩৯ ছেকেণ্ড সময় লৈ ব্যক্তিগত তৃতীয়টো স্বর্ণ পদক অর্জন কৰে।
ইয়াৰ আগেয়ে যোৱা ১২ আৰু ১৩ ডিচেম্বৰত প্রতিশ্রুতিসম্পন্ন সাঁতোৰবিদগৰাকীয়ে ক্রমে ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকত (৩৬:৭০ ছেকেণ্ডত) আৰু ২০০ মিটাৰ ব্রেষ্ট ষ্ট্ৰোকত ২:৪৮:৩৯ ছেকেণ্ড সময় লৈ সোণৰ পদকজয়ী সফলতা অর্জন কৰে। ডিব্ৰুগড়ৰ নৱজ্যোতি গগৈ আৰু মিতালী বৰুৱা গগৈৰ জীয়ৰী কস্তুৰীয়ে সম্প্ৰতি বৰসজাইৰ মহর্ষী বিদ্যা মন্দিৰত অষ্টম শ্ৰেণীত পঢ়ি আছে। সেইসূত্ৰে পৰিয়ালটো কষ্টৰ মাজেৰে মহানগৰীৰ ভেটাপাৰাৰ পংকজনগৰত ভাৰাতীয়া ৰূপে বসবাস কৰি আছে।
তাৰ মাজতে সাঁতোৰবিদ কস্তুৰীয়ে ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় আটাইবোৰ প্রতিযোগিতাতে স্বর্ণজয়ী সফলতাৰে কেৰিয়াৰ আগুৱাই নিবলৈ সক্ষম হৈছে। অতি কম বয়সতে প্রতিভাৰ উমান দিয়া নৱ উদ্দীপ্ত কস্তুৰীয়ে সম্প্রতি এন আই এছ প্রশিক্ষক বাবুল গুৰুঙৰ তত্ত্বাৱধানত অসম ক্রীড়া প্ৰাধিকৰণৰ অধীনস্থ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ অন্তৰ্গত ড° জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত প্রশিক্ষণ গ্রহণ কৰি আছে।