অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান

dainik janambhumi July 28, 2025

ডিজিটেল ডেস্ক : অসম কন্যা নিয়ৰ পাৰিজাতে ত্রয়োদশ এছিয়ান জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান লাভ কৰিছে। শীর্ষ প্রতিযোগিতাখন মালয়েছিয়াৰ কুচিঙত যোৱা ২৫ আৰু ২৬ জুলাইত অনুষ্ঠিত হৈছিল। ১৩সংখ্যক জুনিয়ৰ এছীয় প্রতিযোগিতাখনত ভাৰতক প্রতিনিধিত্ব কৰা অসমৰ নিয়ৰে মহিলাৰ ৫২ কেজি শাখাত অৱতীৰ্ণ হৈছিল। প্রতিযোগিতাৰ প্রথম মেচত শ্রীলংকাৰ বিনু মেথথাসিংঘেক ২-০ ব্যৱধানত পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰা নিয়ৰে সেইটো পর্যায়ত হংকঙৰ ব্লু মান লাইক ২-১ পইণ্টত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। 

নিয়ৰে যুঁজ দিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত ইৰানৰ ৰোজানৰ হাতত পৰাজয়ৰ সন্মুখীন হয়। তৎসত্ত্বেও অসমৰ প্রতিশ্রুতিসম্পন্ন টাইকোৱাণ্ডোকা নিয়ৰ পাৰিজাতে এছীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো দেশৰ ভিতৰত শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান কঢ়িয়াই আনি আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত দেশ তথা অসমৰ মান উজলাবলৈ সক্ষম হৈছে। 

নিয়ৰ কেন্দ্ৰীয় বিদ্যালয় নাৰেংগীৰ নৱম শ্ৰেণীৰ ছাত্ৰী। গুৱাহাটীৰ নিৱাসী নিৰঞ্জন চুতীয়া আৰু গীতালি মহন্তৰ কন্যা নিয়ৰে সম্প্ৰতি ছাই গুৱাহাটীৰ অধীনত জ্যেষ্ঠ এন আই এছ দ্বীপেন বৰ্মনৰ তত্ত্বাৱধানত প্রশিক্ষণ লৈ আছে।

Share This