অসমৰ ৰ'দালি বৰুৱাৰ স্বৰ্ণ, মাউন্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো

dainik janambhumi February 18, 2026

ডিজিটেল ডেস্ক : আন্তর্জাতিক টাইকোৱাণ্ডোকা অসম কন্যা ৰ'দালি বৰুৱাই নেপালত অনুষ্ঠিত চতুৰ্থ মাউন্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় মুকলি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৬ত সোণৰ পদক অর্জন কৰে। প্ৰতিৱেশী ৰাষ্ট্ৰখনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত অনুষ্ঠিত আন্তর্জাতিক জি ১ স্তৰৰ প্ৰতিযোগিতাখনত ক্রমাগত দ্বিতীয় বৰ্ষৰ বাবে সোণ জয়ী কৃতিত্ব অৰ্জন কৰা ৰ'দালিয়ে কালি ৭৩ কেজি ঊর্ধ্বৰ ওজন শাখাৰ ফাইনেল যুঁজত নিজ দেশৰে জ্যোতিক ৰণত পেলায়।

তাৰ আগেয়ে ছেমি ফাইনেলত ৰ'দালি জয়ী হৈছিল কেনিয়াৰ প্রতিপক্ষৰ বিৰুদ্ধে। তেজপুৰৰ বৰুৱা চাৰিআলিৰ অনুপম আৰু ৰুণা বৰুৱাৰ সন্তান ৰ'দালিয়ে টাইকোৱাণ্ডোৰ আদিপাঠ শিকিছিল প্রশিক্ষক সুকুমাৰ নাথৰ পৰা।

সম্প্রতি নতুন দিল্লীত আগশাৰীৰ প্ৰশিক্ষক আশিস প্ৰতাপৰ অধীনত উচ্চ প্রশিক্ষণ গ্রহণ কৰি থকা ৰ'দালিয়ে চলিত ফেব্ৰুৱাৰী আৰু অহা মার্চ মাহত অনুষ্ঠিত হ'বলগীয়া পাঁচখন আগশাৰীৰ আন্তর্জাতিক চেম্পিয়নশ্বিপত অংশগ্রহণ বাবে পাৰপত্ৰ লাভকৰিছে। উল্লেখযোগ্য যে, ৰ'দালিয়ে ক্রমাগত তৃতীয় বাৰৰ বাবে মাউন্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডোত সোণ জয়ী কৃতিত্ব অর্জন কৰে।

Share This