সৰ্বভাৰতীয় পেঞ্চাক চিলাটত অসমৰ সাফল্য

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক : ইণ্ডিয়ান পেঞ্চাক চিলাট ফেডাৰেশ্যনৰ উদ্যোগত আৰু উত্তৰাখণ্ড পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ সহযোগত ২৯-৩১ জানুৱাৰীলৈ ডেৰাডুনত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা চিংগা, মাকান, প্রী-টীন, প্রী-জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ পেঞ্চাক চিলাট প্রতিযোগিতাত অসমে পাঁচটা সোণ, ছটা ৰূপ আৰু সাতটা ব্ৰঞ্জৰ পদকেৰে মুঠ ওঠৰটা পদক অর্জন কৰি ৰাজ্যখনক উজলাই তুলিছে। দেশৰ ৩৪খন ৰাজ্যৰ উপৰি আই টি বি পি, চি আই এছ এফ আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী খেলুৱৈসহ প্রায় ১৪০০ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰা উক্ত প্রতিযোগিতাখনত অসম আৰক্ষীৰ খেলুৱৈয়েও প্রতিযোগিতা আগবঢ়ায়। 

অসম পেঞ্চাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ জ্যেষ্ঠ কাৰ্যবাহী সদস্য লক্ষ্যজিৎ দলেৰ নেতৃত্বত যোৱা অসম দলৰ মুখ্য প্রশিক্ষকৰূপে মাষ্টাৰ স্বপন দৈমাৰী আৰু ৰাষ্ট্ৰীয় বিচাৰক ঔম চেত্রীয়ে মুখ্য বিচাৰকৰূপে প্রতিযোগিতাখনত দায়িত্বভাৰ লাভ কৰে। 

শোণিতপুৰ জিলাৰ আফুজা খাতুন আৰু প্ৰগতি মহন্তই সোণৰ পদক আৰু জুতিকা ৰাভাই ব্ৰঞ্জৰ পদক, ধেমাজি জিলাৰ দীপশিখা দাধৰাই সোণৰ পদক, মোহন কলিতাই ৰূপৰ পদক, সঞ্জিত লিম্বু, আৰু লোহিতা পেগুৱে ব্ৰঞ্জৰ পদক, তিনিচুকীয়া জিলাৰ যজ্ঞ সন্দিকৈ আৰু ইৱানী কুমাৰীৰ সোণৰ পদক, মোহিনী প্রধান, মৌচম চেতীয়া আৰু দিব্যজ্যোতি বৰাই ৰূপৰ পদক, গুগুণ যাদৱে ব্ৰঞ্জৰ পদক আৰু অসম পুলিচৰ হৈ নিজম বসুমতাৰী আৰু পম্পী দেউৰীয়ে ৰূপৰ পদক আৰু কুমাৰ মাধুর্য পেগুৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Share This