৫১ বছৰৰ পিছত পুনৰ নতুনৰ আৰম্ভনিঃ আজি মুকলি হ’ব অসমৰ বিধানসভাৰ নতুন ভৱন । ৫১ বছৰীয়া যাত্ৰাৰ পৰিসমাপ্তি ঘটি

Jyoti Borah July 30, 2023

ডিজিটেল ডেস্কঃ  আজি আৰম্ভ হ’ব এক নতুন যাত্ৰা। আজি আনুষ্ঠানিকভাবে  মুকলি হ'ব বিধানসভাৰ নতুন ভৱন । আকটকধুনীয়াকৈ সজাই তোলা হৈছে  নতুন ভৱনটো।উল্লেখ্য ১৯৭২ চনত শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল ৰাজধানী।  ১৯৭৩ চনৰ ১৬ মার্চত বর্তমানৰ স্থানৰ পৰাই  আৰম্ভ হৈছিল বিধানসভাৰ কাম–কাজ ।  সুদীর্ঘ ৫১ বছৰৰ অন্তত নতুনকৈ নির্মাণ হৈ উঠা  বিধানসভাৰ স্থায়ী ভৱনক যথেষ্ট আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । ১৮০ গৰাকী সদস্য বহিব পৰা বিধানসভাৰ ভৱনটিৰ নির্মাণৰ দায়িত্বত আছে ছিমপ্লেক্স ষ্ট্রাকচাৰ আৰু ইয়াৰ ইণ্টৰি’ৰ ডিজাইনৰ দায়িত্বত আছে জে ডি ক্রিয়েচন । প্রায় ১৮,৪৫৯ বর্গমিটাৰৰ এই নতুন ভৱনটো নির্মাণত ব্যয় আৰম্ভণিতে ২৩৪ কোটি টকা নির্ধাৰণ কৰা হৈছিল যদিও পৰৱর্তী সময়ত ইয়াৰ ব্যয় ৩৫১ কোটি টকালৈ বৃদ্ধি হয় । নতুন বিধানসভা ভৱনটিত সংযোজন কৰা হৈছে ৭টাকৈ লিফট, এটি গ্লাছ লিফট আৰু এটি এস্কেলেটৰ ।আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাবে মুকলি কৰিব অসম বিধানসভাৰ নতুন ভৱনটি। লগে লগে আৰম্ভ হ’ব এক নতুন যাত্ৰা।

Share This