অমৃত বৃক্ষ আন্দোলন

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ যপৰোপকাৰায় বহন্তিনদ্যঃযপৰোপকাৰায় দুহন্তি গাৱঃযপৰোপকাৰাৰ্থ মিদং শৰীৰম৷ গছত ফল-ফুল লাগে আনৰ উপকাৰৰ বাবে, নদী বৈ থাকে আনৰ বাবে, গাইজনীয়ে গাখীৰ দিয়ে পৰৰ উপকাৰৰ বাবে, আমাৰ শৰীৰটোও ব্যৱহাৰ হ’ব লাগে আনৰ ভালৰ বাবে৷ প্ৰাচীন কালৰ পৰাই প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মহত্ত্বৰ বিষয়ে বৰ্ণনা কৰি ঋষি-মুনিসকলে এনেকুৱা বহু বাণীয়েই মানৱ সমাজৰ বাবে দি গৈছে আৰু প্ৰকৃতিপ্ৰদত্ত উদাহৰণবিলাকক সন্মান কৰি তাৰ আধাৰত জীৱন নিৰ্বাহ কৰিবলৈ মানুহক পৰামৰ্শ আগবঢ়াই গৈছে৷ বৃক্ষ অৰ্থাৎ গছক লৈ প্ৰাচীন কালৰে পৰাই চিন্তাশীল মানুহৰ কৌতূহলৰ অন্ত নাই আৰু গছক দেৱতাৰ ৰূপত পূজা কৰাৰ কাৰণ হৈছে গছবিলাকৰ অপৰিসীম মহত্ত্বক সেই ঋষি-মুনিসকলে অনুধাৱন কৰিব পাৰিছিল৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল হাজাৰ হাজাৰ বছৰ ধৰি গছৰ প্ৰতি মানৱ সমাজৰ শ্ৰদ্ধা অটুট আছিল, গছক উপাস্য সম্পদৰূপে জ্ঞান কৰি ইয়াক শ্ৰদ্ধা আৰু প্ৰতিপালন কৰি আহিছিল; সমস্ত প্ৰাণীকূলে এই বৃক্ষৰ ছাঁতে জিৰাই, এই বৃক্ষৰ উৎপাদিত দ্ৰব্যকে খাই জীৱন নিৰ্বাহ কৰি আহিছিল আৰু এতিয়াও সেই বৃক্ষয়েই মানুহক জীয়াই থকাৰ প্ৰাথমিক প্ৰয়োজনখিনি পূৰণ কৰি আহিছে৷ কিন্তু সেই বৃক্ষৰ প্ৰতি মানুহৰ সন্মান নোহোৱা হ’ল মানুহ পঢ়াশলীয়া জ্ঞানেৰে ‘জ্ঞানী’ হোৱাৰ পাছত, আধুনিক সভ্যতা বিকাশৰ পৰিণতিত৷ ‘সভ্যতাৰ বিকাশ’ৰ প্ৰতিটো ঢাপতে প্ৰথম ঘাপটো পৰে গছৰ শৰীৰত৷ সভ্য মানুহৰ হাতত কিমান অটব্য বনাঞ্চল উছন হৈ গ’ল  তাৰ লেখ-জোখ নাই৷ এই সমস্ত ধবংসলীলা ঘটিল বা ঘটি আছে যোৱা দুইযতিনিশ বছৰৰ ভিতৰত৷ ওপৰৰ শ্লোকটোত বৰ্ণনা কৰাৰ দৰে প্ৰকৃতিৰ প্ৰতিটো উপাদানেই আনৰ সেৱাৰ বাবে কাম কৰি আছে, পাৰিপাশ্বিৰ্ক শৃংখল নিয়ন্ত্ৰণত ৰখাৰ বাবে সু-নিৰ্দিষ্ট জীৱন যাপন কৰি আছে৷ একমাত্ৰ মানুহেহে সেই শৃংখলা ভংগ কৰিছে আৰু মানুহৰ শৃংখলাহীনতাৰ বাবেই যতমানে পাৰিপাশ্বিৰ্ক অঘটন ঘটিবলৈ ধৰিছে৷ ইয়াৰ ফলত সমস্ত প্ৰাণীকূলৰ জীৱন যাপন ক্ৰমান্বয়ে অধিক দুঃসহ হৈ আহিছে৷ বহু প্ৰাণী বিলুপ্ত হৈও গৈছে মানুহৰ এনে অপৰিণামদশ¹ কৰ্ম-কাণ্ডৰ ফলতে৷ এতিয়া যেতিয়া বতৰ পৰিৱৰ্তনে মানুহৰ জীৱনলৈ চৰম সংকট নমাই আনিছে, প্ৰাণীকূলকে ধৰি মানৱ সভ্যতাৰ বিনাশ ঘটিব পাৰে বুলিয়েই আশংকাৰ সৃষ্টি হৈছে, তেতিয়া মানুহে আকৌ গছৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰাণীকূল জীয়াই থাকিবলৈ হ’লে সমগ্ৰ ধৰিত্ৰীত সেউজ আস্বাদন গঢ়ি তোলাৰ বিকল্প নাই বুলি পৰিৱেশবিদসকলে মানৱ সমাজক সকীয়াই দিছে৷ তাৰেই প্ৰভাৱ এতিয়া আমাৰ মুলুকতো পৰিছে৷ যাৰ বাবে হয়তো অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ নামৰ এক বৃক্ষ ৰোপণ আন্দোলনৰ সূচনা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ যদি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতেই কাম-কাজ আগবাঢ়ে আৰু প্ৰত্যাশিত ফল লাভ কৰা যায় তেনেহ’লে নিঃসন্দেহে ‘অমৃত বৃক্ষ আন্দোলন’ হ’ব ৰাজ্যৰ আটাইতকৈ মূল্যৱান অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশ আন্দোলন৷ পৰিকল্পনা অনুসৰি অহা ছেপ্টেম্বৰ মাহত ৰ কোটি গছপুলি ৰোপণ কৰা হ’ব আৰু অহা পাঁচ বছৰত ৰোপণ কৰা হ’ব সৰ্বমুঠ প্ত কোটি গছ৷ এই আন্দোলনটোত চৰকাৰে কিছুমান মূল্যৱান গছ ৰোপণৰ চিন্তা কৰিছে, যিবিলাকৰ পৰা পৰিৱেশৰতো উপকাৰ হ’বই, লগতে কাঠ উদ্যোগ গঢ়ি তুলি জাতীয় অৰ্থনীতি সমৃদ্ধিশালী কৰাৰো অৱকাশ থাকিব৷ চৰকাৰে প্ৰতিজোপা গছ জীয়াই থকাটো বিচাৰিছে; সেয়েহে প্ৰতিজোপা গছৰ বিপৰীতে তিনিশ টকাকৈ উপহাৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত ইয়াক বৃক্ষৰোপণ আঁচনি বুলি কোৱাতকৈ গছ সৃষ্টিৰ আঁচনি বুলি কোৱাহে অধিক সমীচিন হ’ব৷ অন্য ধবংসলীলাবিলাকৰ কথা বাদেই, ইষ্ট-ৱেষ্ট কৰিডৰ সম্প্ৰসাৰণৰ নামতে কোটিৰো অধিক গছ ধবংস কৰি পেলোৱা হ’ল৷ যিবোৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ ৰাজপথবিলাকৰ সংগী আছিল, পৰিচয় আছিল৷ গোৱালপাৰাত হাজাৰ হাজাৰ গছ কটাক লৈ সম্প্ৰতি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এনে অৱস্থাত চৰকাৰে প্ত কোটি গছ সৃষ্টিৰ আঁচনি লোৱাটো আদৰ্শনীয় পদক্ষেপ৷ এতিয়া কথা হ’ল চৰকাৰে আঁচনি ল’লেও যিসকলক লৈ চৰকাৰে এই আঁচনিখন ৰূপায়ণৰ কথা ভাবিছে তেওঁলোকৰ আন্তৰিকতা আৰু দায়বদ্ধতা লাগিব৷ সন্তান এটা ডাঙৰ কৰাই তুলনামূলভাৱে সহজ, গছপুলি এটাক বৃক্ষলৈ ৰূপান্তৰ কৰাটো ইমান সহজসাধ্য নহয়৷ যদি সহজেই হ’লহেঁতেন ইমান দিনে বৃক্ষৰোপণৰ নামত চৰকাৰে যিমান টকা ব্যয় কৰিছে, সেই হিচাপত আমাৰ ৰাজ্যখন অৰণ্যলৈ ৰূপান্তৰ হ’ব লাগিছিল৷ ইয়াৰ পূৰ্বে বনাঞ্চল সমৃদ্ধ কৰাৰ বাবে কেম্পা [CAMPA] নামৰ যিখন আঁচনি গ্ৰহণ কৰা হৈছিল তাৰ নিষ্ফল পৰিণামৰ কথা দোহৰাৰ প্ৰয়োজন নাই৷ তাৰ পাছত চৰকাৰে গভীৰ প্ৰত্যয়েৰে গ্ৰহণ কৰা ‘অমৃত বৃক্ষ আন্দোলন’টোৰ পৰিণামো যাতে একে নহয় তাৰ বাবে চৰকাৰৰ লগতে ইয়াত জড়িত কৰিব বিচৰা প্ৰতিগৰাকী লোকে দায়িত্ব গ্ৰহণ কৰিব লাগিব৷ নক’লেও চলে যে অসমৰ মাটিৰ যি উৰ্বৰা শক্তি তাত গছপুলি এটা মন দি ৰুলে ডাঙৰ নোহোৱাৰ কথাই থাকিব নালাগে৷ তথাপি ইয়াত ৰোৱা গছপুলিবোৰ বাচি নাথাকে কিয় সেই দিশটোৰ অধ্যয়ন হোৱা উচিত৷ দুই-এগৰাকী বিশেষজ্ঞই ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছেই যে ছেপ্টেম্বৰৰ পৰা মে’লৈকে এই সময়ছোৱা গছপুলি ৰোৱাৰ উপযুক্ত সময় নহয়৷ তথাপি যিহেতু চৰকাৰে আঁচনিখন আগবঢ়াই নিব খুজিছে গতিকে এই দিশটো তেওঁলোক বিবেচনা নকৰাকৈ থকা নাই৷ সি যি নহওক, আঁচনিখন অৰ্থাৎ আন্দোলনটো সফল হওক, অসমখন গছেৰে আকৌ ভৰি পৰক৷ এয়ে আশা৷ ইচ্ছা কৰিলে চৰকাৰে ‘সেউজ পৰ্যটন’ৰ এখন আঁচনিও ল’ব পাৰে, গাঁওবাসীৰ মাজত সেউজ গাঁও নিৰ্মাণৰ প্ৰতিযোগিতা পাতিব পাৰে৷ ‘অমৃত বৃক্ষ আন্দোলন’ক এনে কেতবোৰ নতুন আঁচনিৰে সম্প্ৰসাৰিত ৰূপ দিয়াৰ অৱকাশ আছে৷

Share This