ডিজিটেল ডেস্ক : কুশলী ফৰৱাৰ্ড পখিলা বড়োৰ দুগ'লৰ সহায়ত উদ্বোধনী বৰ্ষৰ খেল' ইণ্ডিয়া ট্রাইবেল গেমছৰ মহিলা ফুটবল ইভেন্টৰ দ্বিতীয় পৰ্যায়ৰ বাছনী প্রতিযোগিতাৰ গ্ৰুপ লীগ পর্যায়ত অসমে শনিবাৰে বিহাৰৰ বিৰুদ্ধে নিজৰ চতুৰ্থ খেলত ৫-০ গ'লত জয়ী হয়। তেনেদৰেই সম্পূর্ণ ৩ পইন্ট অৰ্জন কৰা অসমে সর্বাধিক ১০ পইন্ট অর্জনেৰে শীৰ্ষত অৱস্থান কৰি প্রতিযোগিতাৰ চূড়ান্ত পর্যায়ত উপনীত হৈছে।
ছিকিমৰ বাইচুং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত অসমৰ হৈ পখিলাই তিনি মিনিটতে গ'লৰ পাতনি মেলাৰ (১-০) পাছতে ৩২ মিনিটত উপর্যুপৰি দ্বিতীয় (২-০) গ'লটো কাৰ্যকৰী কৰে। অসমৰ হৈ মাইদাংশ্রী নাৰ্জাৰীয়ে ৪৪ মিনিটত তৃতীয়, মেৰী মেচে ৫১ মিনিটত চতুৰ্থ আৰু লক্ষী গয়াৰীয়ে ৬৮ মিনিটত পঞ্চম গ'লটো দিয়ে।
ইয়াৰ আগেয়ে যুঁজ দিও ঘৰুৱা দল ছিকিমৰ বিৰুদ্ধে ২-২ গ'লত ড্র খেলা অসমে গ্রুপ লীগৰ নিজৰ দ্বিতীয় খেলত আন্দামানৰ বিৰুদ্ধে ৩৭-০ গ'লত আৰু তৃতীয় খেলত মিজোৰামৰ বিৰুদ্ধে ৫-১ গ'লত জয় সাব্যস্ত কৰি মূল ৰাউণ্ডত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছিল। অসম দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে প্ৰাক্তন আন্তর্জাতিক ফুটবলাৰ তথা এন আই এছ প্রশিক্ষক পল্লবিতা বড়াই।