জাগীৰোডত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সমাৰোহ আৰম্ভ

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক: তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰ জাগীৰোডৰ ছগ্ৰাচালত উখল-মাখল পৰিৱেশ। ঐতিহ্যপূর্ণ সোণাইকুছি পাহাৰৰ প্ৰকৃতিৰ ৰম্যভূমি ছগ্ৰাচালৰ বাকৰিত কালিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক সাংস্কৃতিক সমাৰোহ-২০২৬। এই সমাৰোহত ৰাজ্যৰ প্ৰায় চৈধ্যটা জনজাতিৰ চাৰি শতাধিক শিল্পী-প্রতিনিধিয়ে তেওঁলোকৰ পৰম্পৰাগত বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ উদ্দেশ্যে কালি আহি অংশগ্রহণ কৰে। 

সাংস্কৃতিক সমাৰোহৰ প্ৰথম দিনা অর্থাৎ কালি বিয়লি মুখ্য তোৰণ উন্মোচন কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা তিৱা সাহিত্যৰ অন্যতম কাণ্ডাৰী ড° নাৰায়ণ কুমাৰ ৰাড়ু কাকতিয়ে। তোৰণ উন্মোচন কৰি দিয়া ভাষণত ড° কাকতিয়ে তিৱাসকলৰ ঐতিহাসিক পটভূমি, স্বাধীনতা আন্দোলনত তিৱাসকলৰ অৱদান তথা শক্তিশালী ভূমিকাৰ বিষয়ে আলোকপাত কৰে। লগতে তেওঁ বিভিন্ন ক্ষেত্রত জনজাতীয় লোকসকলৰ এই বীৰত্ব আৰু ত্যাগৰ বিষয়ে আজিও অৱহেলিত হৈ থকা আৰু বুৰঞ্জীৰ পাতত বহু ইতিহাস সন্নিৱিষ্ট নোহোৱাৰ কথা উল্লেখ কৰি আক্ষেপ প্রকাশ কৰে। ড° কাকতিয়ে এইক্ষেত্ৰত গভীৰ আক্ষেপ প্রকাশ কৰি আৰু কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনত মৃত্যুবৰণ কৰা বহু জনজাতীয় লোকে মুক্তিযুঁজাৰু পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ'ল। 

উল্লেখযোগ্য যে বহু গৱেষণামূলক সাহিত্য সৃষ্টিৰ বাবে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাড়ু কাকতিক শেহতীয়াকৈ দিল্লীৰ ইন্টিগ্রেটেড গ্ল'বেল ইউনিভাৰ্ছিটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ কথা কালি এই সমাৰোহত সদৰী কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেবেন্দ্র নাথ বসুমতাৰীয়ে। সমাৰোহৰ দ্বিতীয় কাৰ্যসূচী শিল্পী-প্রতিনিধি শিবিৰ মুকলি কৰে তিৱা ৰাজদৰবাৰৰ সম্পাদক জুৰসিং বৰদলৈয়ে। 

প্রতিনিধি শিবিৰ মুকলি কৰি বৰদলৈয়ে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য আগবঢ়ায়। তেওঁ কয় যে অসমত বসবাস কৰা এই জনজাতীয় লোকসকলৰ কৃষ্টি-সংস্কৃতি, লোকবিশ্বাস, লোকাচাৰ, লোক আভৰণ ইত্যাদি বিশ্বায়নৰ প্রভাৱতে হওক, বৃহৎ সাংস্কৃতিক গোষ্ঠীৰ আগ্রাসনৰ ফলতে হওক ক্রমান্বয়ে লোপ পাবলৈ ধৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে জনজাতিসকলৰ হেৰাই যাবলৈ ধৰা এইসমূহ কৃষ্টি-সংস্কৃতি পুনৰুদ্ধাৰ কৰিবলৈ এই অসম জনজাতি সাংস্কৃতিক মহাসভাই এই মঞ্চৰ জৰিয়তে প্রচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিৱা, বড়ো, কাৰ্বি, মিচিং, ৰাভা আদি জনজাতীয় নৃত্যৰ দলসমূহে লোকনৃত্য পৰিৱেশন কৰে। সাংস্কৃতিক সমাৰোহত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰী, অসম সৌৰভনাদিৰাম দেউৰী প্ৰমুখ্যে তিৱা, বড়ো, কাৰ্বি, মিচিং, ৰাভা ইত্যাদি অসমৰ বিভিন্ন জনজাতিৰ পদাধিকাৰসকল উপস্থিত থাকে। 

উল্লেখযোগ্য যে জনজাতীয় সাংস্কৃতিক সমাৰোহখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ স্বীকৃতিপ্রাপ্ত সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি আৰু সাংস্কৃতিক দলসমূহৰ নাম পঞ্জীয়ন কৰা হয়। সমাৰোহৰ দ্বিতীয় দিনা অর্থাৎ আজি পুৱা তিৱা ভক্তিমূলক গীতৰ পাছতে ৮ বজাত সমাৰোহৰ পতাকা উত্তোলন কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে। স্মৃতি তর্পণ কৰিব তিৱা মাথনলাই তখ্ৰাৰ সভাপতি হৰচিং খলাৰে। চ্যামাদি উদ্বোধন কৰিব জনজাতি গৱেষণা প্রতিষ্ঠান, গুৱাহাটীৰ জ্যেষ্ঠ বিষয়া ড° অসীম বৰাই। 

তিৱা সমাজৰ ন-পাৰ উদ্বোধন কৰিব জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগে। ১০ বজাত জনজাতীয় মেলা উদ্বোধন কৰিব জাগীৰোড ব্যৱসায় সন্থাৰ সভাপতি প্রবীণ কুমাৰ ডেকাই আৰু জনজাতিৰ গ্ৰন্থ বিপণী মুকলি কৰিব বিশিষ্ট সাহিত্যিক অকন দেৱীয়ে। ১১ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰে। একেদৰে সমাৰোহৰ তৃতীয় দিনা পুৱা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব সমাৰোহৰ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে। ইয়াৰ পাছতে বিভিন্ন জনজাতীয় কৃষ্টি-সংস্কৃতি প্রদর্শন হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলায়ে। বিয়লি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তেওঁ উন্মোচন কৰিব সমাৰোহৰ স্মৃতিগ্রন্থ 'গোভা'। 

অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিবলগীয়া মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ভৈৰৱ দেউৰী, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সদৰ্শন ঠাকবে।

Share This