ডিজিটেল ডেস্ক : অসমে ২৪ সংখ্যক উত্তৰ-পূব মণ্ডল খো-খো প্রতিযোগিতাৰ মহিলাৰ শাখাত চেম্পিয়নৰ খিতাপ অর্জন কৰিছে। শদিয়াৰ বীৰ লাচিত ষ্টেডিয়ামত কালি সামৰণি পৰা প্ৰতিযোগিতাখনৰ পুৰুষৰ শাখাত শ্রেষ্ঠতা প্রতিপন্ন কৰিছে প্ৰতিৱেশী ৰাজ্য মণিপুৰে।
তিনিচুকীয়া জিলা খো-খো সন্থাৰ আতিথ্যত উত্তৰ-পূব মণ্ডল খো-খো সন্থা আৰু অসম খো-খো সন্থাৰ তত্ত্বাৱধানত তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শদিয়া আঞ্চলিক সমিতিৰ সহযোগত তিনিদিনীয়াকৈ আয়োজন কৰা প্রতিযোগিতাখনৰ মহিলাৰ ফাইনেলত অসমে মণিপুৰক ৩৪-৩০ পইন্টত আৰু পুৰুষ শাখাৰ ফাইনেলত মণিপুৰে ঘৰুৱা দল অসমক ৫০-৩২ পইণ্টৰ ব্যৱধানত পৰাভূত কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ৬খন ৰাজ্যই অংশগ্ৰহণ কৰা প্রতিযোগিতাখনৰ মহিলাৰ প্ৰথমখন ছেমি ফাইনেলত অসমে মেঘালয়ক ২৬-১৬ পইন্ট, দ্বিতীয় ছেমিত মণিপুৰে ত্ৰিপুৰাক ৩১-০৪ পইণ্টত হৰুৱায়।
আনহাতে, পুৰুষ শাখাৰ ছেমিত অসমে অৰুণাচলক ২৬-২২ পইণ্টত আৰু মণিপুৰে ত্ৰিপুৰাক ৪৩-০৪ পইণ্টত পৰাজিত কৰে।