অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু

Kakali Deka September 01, 2025

ডিজিটেল ডেস্কঃ  ৰঙিয়াৰ আমিৰ হামজা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় থাইলেণ্ডত। যোৱা ২৮ আগষ্টত থাইলেণ্ডলৈ ফুৰিবলৈ গৈছিল যুৱকজন। 

থাইলেণ্ডৰ কাৰাবি দ্বীপৰ সমীপত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। গুৱাহাটীৰ পৰা নীৰ কাশ্যপ নামৰ এজন বন্ধুৰ সৈতে গৈছিল থাইলেণ্ডলৈ।

আমিৰ হামজাৰ সৈতে যোৱা বন্ধুগৰাকীয়ে পৰিয়ালক মৃত্যু হোৱাৰ বিষয়ে জনোৱাৰ পাছত লাগে হুৱা-দুৱা।

পৰিয়ালৰ লোকৰ অভিযোগ- কোনোৱে হত্যা কৰিছে আমিৰ হামজাক

ইণ্ডিয়ান এম্বেচি আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান পৰিয়ালৰ, উচিত তদন্তৰ লগতে মৃতদেহটো যাতে পৰিয়ালক গতাই দিয়ে।

Share This