ডিজিটেল ডেস্ক : ড° জয়ন্তী চুতীয়াৰ কাহিনী আৰু প্রযোজনা আৰু পৰিচালনাৰে নির্মিত 'হাৰিকেন' আৰু 'ঝংকাৰ -The melody of resonance' নামৰ দুয়োখন চিনেমালৈ 'শ্রেষ্ঠত্বৰ সন্মান' প্রদান কৰিছে মহাৰাষ্ট্ৰত অনুষ্ঠিত এছিয়ান টেলেন্ট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০২৫ নামৰ মহোৎসৱ সমিতিয়ে। ইয়াৰ পূর্বেও দুয়োখন ছবিয়ে দেশে-বিদেশে বহুতো সম্মান আৰু শ্রেষ্ঠত্বৰ স্বীকৃতি লাভ কৰিছে।
'ঝংকাৰ, The melody of reso-nance' ছবিখনে 'বার্লিন কিটজ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ'ত 'শ্রেষ্ঠ চলচ্চিত্র', 'শ্রেষ্ঠ পৰিচালক', 'শ্রেষ্ঠ সংগীত', 'শিশু আৰু পৰিয়ালৰ শ্ৰেষ্ঠ বন্ধুত্বপূর্ণ ছবি' ৰূপে চাৰিটাকৈ সন্মান লাভ কৰাৰ লগতে দেশে-বিদেশে অনুষ্ঠিত বিভিন্ন প্রতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হৈছে। 'ঝংকাৰ'-এ মুম্বাই আন্তর্জাতিক চলচ্চিত্র পুৰস্কাৰ ২০২৫ত হেমচন্দ্ৰ বৰালৈ বৰ্ষটোৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ আগবঢ়াইছে বৰ্ষটোৰ শ্ৰেষ্ঠ কাহিনীকাৰ বঁটা। আনহাতে, ভাৰত উত্তৰ-পূৰ্বাঞ্চল আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত হেমচন্দ্ৰ বৰাক দ্বিতীয় শ্রেষ্ঠ পৰিচালক, অনিন্দিতা ৰুদ্ৰজক শ্রেষ্ঠ অভিনেত্রী বঁটাৰে সন্মানিত কৰিছে।
কলকাতাৰ নন্দনত অনুষ্ঠিত 'দশম দুর্গাপুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ'ত সদানন্দ গগৈলৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা আৰু 'ঝংকাৰলৈ Remarkable Achievement শিতানত জুৰীৰ বিশেষ বঁটা আগবঢ়োৱা হৈছিল। ১৬ সংখ্যক জয়পুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ কাহিনী শিতানত জুৰীৰ বিশেষ বঁটাৰে কাহিনীকাৰ ড° জয়ন্তী চুতীয়াক সন্মানিত কৰিছিল।