চিলিত ভয়াৱহ বনজুইত ১৯জন নিহত, দুটা অঞ্চলত 'বিপৰ্যয় অৱস্থা' ঘোষণা ৰাষ্ট্ৰপতিৰ

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক : চিলিত বনজুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে ১৯জন লোকৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি গেব্রিয়েল ব'ৰিকে দেশখনৰ দুটা অঞ্চলত 'বিপর্যয় অৱস্থা' ঘোষণা কৰিছে। চিলিৰ বন সংস্থা কোনাফৰ তথ্য অনুসৰি দেওবাৰ পৰ্যন্ত দেশখনৰ ২৪টা স্থানত বনজুই নুমুৱাবৰ বাবে অগ্নিনির্বাপক বাহিনীৰ লোকে প্রচেষ্টা চলাইছিল। 

ইয়াৰে নুবল আৰু বায়বিবিঅ' অঞ্চলত বনজুয়ে সর্বাধিক বিস্তৃতি লাভ কৰি ভয়াৱহ ৰূপ ধাৰণ কৰে। এই দুই স্থানতে 'বিপর্যয় অৱস্থা' আৰু জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। দেশখনৰ ৰাজধানী ছান্টিয়াগোৰ পৰা এই স্থানৰ দূৰত্ব প্রায় ৫০০ কিল'মিটাৰ। নুবল আৰু বায়বিবিঅ'ত প্রায়
৮,৫০০ হেক্টৰজোৰা অঞ্চলত বনজুই বিয়পি পৰে আৰু স্থানীয় জনসাধাৰণক সন্ত্রস্ত কৰি তোলে।
ইতিমধ্যে অঞ্চল দুটাৰ পৰা প্ৰায় ৫০ হাজাৰ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনা হৈছে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে প্রবল বতাহ আৰু উচ্চ তাপমাত্রাই জুই অধিক প্ৰসাৰিত হোৱাত সহায়
কৰিছে। যাৰ ফলত অগ্নিনির্বাপক বাহিনীৰ জোৱানৰ নির্বাপণৰ প্রচেষ্টা ব্যর্থ হৈছে। দেওবাৰ আৰু সোমবাৰে চিলিত পাৰাস্তম্ভ ৩৮ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি হৈছে। উল্লেখযোগ্য যে ২০২৪ চনৰ ফেব্ৰুৱাৰীত দেশখনত সংঘটিত বনজুইত ১৩৮জন লোকৰ মৃত্যু হৈছিল।

Share This