যুদ্ধত বিধ্বস্ত মধ্যপ্রাচ্যৰ বায়ুমণ্ডল

dainik janambhumi March 25, 2026

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ যুদ্ধখনে কেৱল এছিয়াই নহয়, সমগ্ৰ বিশ্বৰ বাবেই অশনি সংকেত কঢ়িয়াই আনিছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনে অলেখ ধন-জনৰ হানি কৰাৰ লগতে প্রকৃতিতো বিৰূপ প্রভাৱ পেলাইছে। যুদ্ধখনৰ ফলত যোৱা দুটা সপ্তাহৰ ভিতৰত ৫ নিযুত টন গ্রীণহাউছ (সেউজ গৃহ) গেছ নির্গমণ হৈছে। যিটোৱে বিশ্বৰ গোলকীয় উষ্ণতা বৃদ্ধি কৰে আৰু জীৱকুলৰ বাবে অত্যন্ত বিপজ্জনক। 'দ্য ক্লাইমেট এণ্ড কমিউনিটি ইনষ্টিটিউটে' চলোৱা এক জলবায়ু বিশ্লেষণাত্মক সমীক্ষাত এই তথ্য প্রকাশ পাইছে। 

তথ্য অনুসৰি বিশ্বৰ ৮৪খন দেশে যিমান কার্বনডাই-অক্সাইড নির্গমণ কৰে মধ্যপ্রাচ্যৰ যুদ্ধখনত প্রথম দুটা সপ্তাহতে তাতকৈ বহু বেছি পৰিমাণৰ কাৰ্বনডাই অক্সাইড বায়ুমণ্ডললৈ নির্গমণ হৈছে। মিছাইল আৰু ড্র'ন আক্রমণেৰে সাধাৰণ জনতাৰ ঘৰবোৰ ভাঙি পেলোৱাৰ ফলতে সৰ্বাধিক পৰিমাণৰ কাৰ্বন নির্গমণ হৈছে। ইয়াৰ ফলত প্রায় ২.৪ নিযুত টন পৰিমাণৰ কাৰ্বনডাই অক্সাইড বায়ুমণ্ডললৈ নির্গত হৈছে। লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ গৱেষক বেঞ্জামিন নেইমার্কে কয় যে যুদ্ধত ব্যৱহৃত যুঁজাৰু বিমান, বোমা নিক্ষেপকাৰী বিমান, যুঁজাৰু জাহাজ আদিয়েও গ্রীণ হাউছ গেছ নির্গমণত প্রধান ভূমিকা লৈছে। তদুপৰি, মধ্যপ্রাচ্যৰ যুদ্ধখনত শশ ক্ষেপণাস্ত্ৰ-বোমা ব্যৱহাৰৰ ফলত প্ৰদূষণ সৃষ্টি হোৱাৰ লগতে ইৰানত এছিড বৰষুণো আহিছে। 

ইতিমধ্যেই যুদ্ধৰ দুটা সপ্তাহৰ ভিতৰত মধ্যপ্রাচ্যত প্রায় ৫.৯ নিযুত বেৰল খাৰুৱা তেল নষ্ট কৰা হৈছে। খাৰুৱা তেলৰ দহনৰ ফলত প্রায় ১.৮৮ নিযুত টন কার্বন ডাই-অক্সাইড নির্গমণ হৈছে। ইফালে, যুঁজাৰু বিমান আৰু জাহাজসমূহত ২৭০ নিযুত লিটাৰ পৰ্যন্ত ইন্ধন ভৰোৱা হৈছে, যিবোৰে বায়ুমণ্ডলত ৫,২৯,০০০ টন কার্বন ডাই-অক্সাইড নির্গমণ কৰিছে। গৱেষণা প্রতিষ্ঠানটোৰ সঞ্চালক পট্রিক বি গাৰে কয় যে প্রতিটো মিছাইল আক্রমণেই বায়ুমণ্ডলক কিছু উষষ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে গোলকীয় উষ্ণতা হ্রাস কৰাৰ বাবে বিশ্বৰ দেশসমূহে কার্বন নির্গমণ কমোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু শেহতীয়াকৈ বিশ্বৰ চুকে-কোণে হৈ থকা যুদ্ধবোৰে গোলকীয় উষ্ণতা বৃদ্ধিতহে অৰিহণা যোগাইছে।

Share This