মধ্য প্রাচ্যত ভাৰতীয় পতাকা থকা জাহাজক আক্রমণ, ২৩ হাজাৰ নাৱিকৰ জীৱন সংকটত

dainik janambhumi March 07, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধই সমুদ্ৰত ব্যস্ত হৈ থকা ভাৰতীয় নাৱিকসকলকো প্ৰভাৱিত কৰিছে। পশ্চিম এছিয়াত ভয়ংকৰ যুদ্ধ চলি থকাৰ সময়ত অঞ্চলটোত কাম কৰি থকা প্ৰায় ২৩ হাজাৰ ভাৰতীয় নাৱিকৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। এই নাৱিকসকলৰ জীৱনক লৈ সৃষ্টি হোৱা উদ্বেগ দূৰ কৰাৰ কাৰণে নাৱিক সংগঠনসমূহে কেন্দ্রীয় চৰকাৰক তৎক্ষণাৎ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে। 

নাৱিক সংগঠনসমূহৰ প্ৰতিনিধি দল এটা ই কালি মুম্বাইক জাহাজ পৰিবহণ সঞ্চালক প্রধানক সাক্ষাৎ কৰি গুৰুতৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। তেওঁলোকে কয় যে যুদ্ধ ক্ষেত্রত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন। চৰকাৰী তথ্য মতে, যুদ্ধ আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ভাৰতীয় জাহাজ বা ভাৰতীয় চালক দল থকা জাহাজত কমেও ৯ বাৰ আক্ৰমণ কৰা হৈছে। 

বৃহস্পতিবাৰে 'ছোনাংগল মামিবে' নামৰ এখন জাহাজলৈ গুলীচালনা কৰা হয়। এই জাহাজখনত বাহামাৰ পতাকা আছিল। ইৰাকৰ খোৰ আল জুবেৰ বন্দৰত ৰৈ থকা জাহাজখনত ভাৰতৰ দহজন নাৱিক আছিল। জাহাজখনত বিস্ফোৰণ হয় যদিও কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই। সমুদ্ৰ সুৰক্ষা এজেঞ্চীসমূহৰ মতে, হৰমুজ প্রণালী অঞ্চলটোত পৰিস্থিতি উত্তেজনাপূর্ণ হৈ আছে। এই এলেকাটোত বর্তমান ভাৰতৰ পতাকা থকা ৩৬খন জাহাজ আছে। ইয়াৰে ২৪খন প্রণালীটোৰ পশ্চিম দিশত আৰু ১২খন পূব দিশত আছে। অদন উপ-সাগৰতো তিনিখন ভাৰতীয় জাহাজ আবদ্ধ হৈ আছে। 

ভাৰতীয় নাৱিক সংগঠন ফ'ৰৱাৰ্ড ছিমেন ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ যাদৱে এই জাহাজসমূহত ভাৰতীয় নৌসেনাই নিৰাপত্তা দিয়াৰ দাবী জনাইছে। ইফালে অঞ্চলটোত থকা কোনো নাৱিকৰ মৃত্যু হ'লে ৪৫ লাখ টকাৰ সাহায্য দিয়ৰো দাবী জনোৱা হৈছে। ইফালে মধ্য প্রাচ্যৰ সাগৰত আবদ্ধ হৈ থকা ভাৰতৰ তেল আৰু গেছ পৰিবাহী জাহাজৰ সুৰক্ষাৰ বাবে আমেৰিকাৰ পৰা সুৰক্ষা কৱচ বিচাৰি আলোচনা আৰম্ভ কৰা হৈছে। চৰকাৰী সূত্ৰই এই কথা প্রকাশ কৰি কয় যে ভাৰতে প্রয়োজন সাপেক্ষে তেল আৰু গেছৰ জাহাজক আমেৰিকাই সুৰক্ষা দিয়াটো বিচাৰিছে। বিশেষকৈ হৰমুজৰ দৰে স্পৰ্শকাতৰ সামুদ্রিক পথত সুৰক্ষা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। 

ইফালে এই সংকটৰ প্ৰতি লক্ষ্য ৰাখি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ এজেঞ্চীসমূহক সামুদ্রিক বাণিজ্যৰ বাবে বীমা আৰু বিত্তীয় গেৰাণ্টি দিয়াৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে প্রয়োজন সাপেক্ষে আমেৰিকাৰ নৌ সেনাৰ জাহাজৰ নিৰাপত্তাত হৰমুজ প্রণালী পাৰ কৰোৱাৰ ইংগিতো তেওঁ দিয়ে।

Share This