কাটাৰ, ইৰাক, ছিৰিয়াৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্রমণ

dainik janambhumi June 24, 2025

ডিজিটেল ডেস্ক : কাটাৰত থকা আমেৰিকাৰ আল-উদীদ বায়ুসেনাৰ ঘাটিত ইৰানে সোমবাৰে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। আমেৰিকাই তিনিটা পাৰমাণৱিক প্রকল্পত কৰা আক্ৰমণৰ প্রত্যুত্তৰত ইৰানে সোমবাৰে সামৰিক ঘাটিটোত আক্রমণ কৰে। মধ্য প্রাচ্যত থকা আমেৰিকাৰ সর্ববৃহৎ সামৰিক ঘাটিটোত ইৰানে দহটা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ইৰানে ইৰাকত থকা মার্কিন সেনাৰ ঘাটিটো ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। 

ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছতে আল-উদীদ বায়ুসেনাৰ ঘাটিৰ ওপৰত জুইৰ শিখা দেখিবলৈ পোৱা গৈছিল। কাটাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে দেশখনে ইৰানৰ ক্ষেপণাস্ত্র আকাশতে ধ্বংস
কৰে আৰু এই আক্রমণত কোনো লোক হতাহত হোৱা নাই। 

আক্ৰমণৰ পাছতে কুৱেটে আকাশমার্গ কিছু সময়ৰ পাছতে বন্ধ কৰি দিয়ে। ইফালে ছৌদি আৰব আৰু সংযুক্ত আৰব এমিৰেটকে ধৰি মধ্য প্রাচ্যত আমেৰিকাৰ সামৰিক ঘাটি থকা ৯খন দেশত ছাইবেনৰ শব্দ শুনা গৈছে বুলি একাংশ সংবাদ মাধ্যমে দাবী কৰে।

Share This