বংগত ১.৫ কোটি ভোটাৰৰ নাম কৰ্তনৰ প্ৰচেষ্টা

dainik janambhumi December 12, 2025

ডিজিটেল ডেস্ক : পশ্চিম বংগত সম্পাদন হোৱা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্রক্রিয়াক লৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহক বৃহস্পতিবাৰে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে। গৃহ মন্ত্রী অমিত শ্বাহক 'বিপজ্জনক' আখ্যা দি মুখ্যমন্ত্রী মমতাই অভিযোগ কৰে যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত এছ আই আৰৰ জৰিয়তে অবৈধভাবে লাখ লাখ যোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হ'ল। 

নদীয়া জিলাৰ কৃষ্ণনগৰত এখন ৰাজহুৱা সভাত ভাষণ দি বৃহস্পতিবাৰে বেনার্জীয়ে অভিযোগ কৰে যে অমিত শ্বাহৰ প্রত্যক্ষ নির্দেশনাত ভোটাৰ তালিকাৰ পৰা ১.৫ কোটি ভোটাৰৰ নাম কৰ্তনৰ প্ৰচেষ্টা চলোৱা হৈছে। বেনাৰ্জীয়ে সতর্ক কৰি দিয়ে যে এছ আই আৰ প্ৰক্ৰিয়াত যদি এজনো যোগ্য ভোটাৰ বাদ পৰে তেওঁ অনির্দিষ্টকালীন ধর্ণা কার্যসূচীত বহিব। মুখ্যমন্ত্রী বেনার্জীয়ে কেন্দ্রীয় গৃহ মন্ত্ৰীজনক কটাক্ষ কৰি কয় যে অমিত শ্বাহৰ দুয়োটা চকুৰে বিপর্যয়ৰ বাণী প্ৰেৰণ কৰে। তেওঁৰ এটা চকুত দুর্যোধনক আৰু আনটো চকুত দুঃশাসনক দেখা পোৱা যায় বুলি বেনার্জীয়ে মন্তব্য কৰে। 

আনহাতে, মমতা বেনার্জীয়ে কয় যে তেওঁ ব্যক্তিগতভাৱে এতিয়ালৈকে ভোটাৰৰ মূল্যায়ন প্র-পত্ৰ পূৰণ কৰা নাই। তেওঁ কয় যে মই মোৰ নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন আছে নেকি। কেন্দ্রীয় গৃহ মন্ত্রীজনে সকলো বেংগলী লোকক বাংলাদেশী সজোৱাৰ পৰিকল্পনা কৰিছে আৰু তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি মমতা বেনার্জীয়ে অভিযোগ কৰে।

Share This