ডিৰকসহ দুখন তৈলক্ষেত্ৰৰ চুক্তিৰ ম্যাদ ৩০ বছৰলৈ বৃদ্ধি

dainik janambhumi November 24, 2026

ডিজিটেল ডেস্ক : অসমৰ অৰ্থনীতিৰ বাবে আশাৰ বতৰা। কেন্দ্ৰীয় চৰকাৰে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত দেশৰ পুৰণি তেল আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহৰ উৎপাদন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্র্যালয়ে প্রয়োজনীয় নীতি সংশোধন কৰি অধিসূচনা জাৰি কৰিছে। যি সময়ত অসমত খাৰুৱা তেলৰ উৎপাদন ক্ৰমাৎ হ্রাস পাইছে, সেই সময়তে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো পূৰ্বৰ নীতি (Pre-NELP) সংশোধন কৰাৰ ফলত অসমৰ ডিৰক (Dirok AAP-ON-94/1) আৰু অসম-মিজোৰাম অঞ্চলৰ (AA-ONJ/20) তৈল ক্ষেত্রত বিনিয়োগ বৃদ্ধি পাব। ইয়াৰ লগে লগে দুয়োখন তৈল আৰু গেছ ক্ষেত্ৰৰে আয়ুসো বৃদ্ধি পাব। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা দহ নৱেম্বৰত জাৰি কৰা অধিসূচনা অনুসৰি দেশৰ মুঠ সাতটা তেল আৰু গেছ খণ্ডৰ অংশীদাৰিত্ব চুক্তিৰ ম্যাদ বৃদ্ধি কৰিছে। নতুন নিয়ম অনুসৰি সংশ্লিষ্ট তৈলক্ষেত্ৰসমূহৰ অৰ্থনৈতিকভাৱে উৎপাদনক্ষম জীৱনকাললৈ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিব পৰা যাব। অৱশ্যে সম্প্ৰসাৰণৰ ম্যাদ সৰ্বাধিক ৩০ বছৰ হ'ব। অসমৰ দুখন তৈল ক্ষেত্ৰৰ উপৰি ৰাজস্থান আৰু গুজৰাটৰো পাঁচখনকৈ তেল ক্ষেত্ৰত এই নতুন নীতিৰ আওতালৈ অনা হৈছে। নতুন নীতিৰ অন্যতম গুৰুত্বপূৰ্ণ দিশটো হৈছে সম্প্ৰসাৰিত চুক্তিৰ সময়ছোৱাত চৰকাৰৰ লাভৰ অংশ বৃদ্ধি। প্রথম ১০ বছৰৰ বাবে চৰকাৰে সাধাৰণ চুক্তিৰ নিৰ্ধাৰিত হাৰতকৈ ১০ শতাংশ পইণ্ট অধিক লাভৰ অংশ লাভ কৰিব। পৰৱৰ্তী ১০ বছৰত এই অতিৰিক্ত অংশ হ'ব ৫ শতাংশ পইণ্ট আৰু তাৰ পিছৰ ১০ বছৰত ২.৫ শতাংশ পইণ্ট। ৩০ বছৰৰ পিছত পুনৰ স্বাভাৱিক চুক্তিৰ নিয়ম প্রযোজ্য হ'ব। অৱশ্যে চুক্তিৰ ম্যাদ সম্প্ৰসাৰণৰ বাবে সংশ্লিষ্ট কোম্পানীসমূহে কেইবাটাও চৰ্ত পূৰণ কৰিব লাগিব। চুক্তিৰ ম্যাদ উকলি যোৱাৰ কমেও দুবছৰ পূৰ্বে আৱেদন দাখিল কৰাটো বাধ্যতামূলক। হাইড্ৰ'কাৰ্বনৰ অৱশিষ্ট মজুতৰ পৰিমাণ, ভৱিষ্যৎ উৎপাদনৰ সম্ভাৱনা আৰু প্ৰস্তাৱিত বিনিয়োগৰ তথ্যও দাখিল কৰিব লাগিব। মন কৰিবলগীয়া কথা যে ডিৰক আৰু অসম-মিজোৰাম অঞ্চলৰ তৈলক্ষেত্ৰ নতুন নীতিৰ আওতালৈ অনাৰ ফলত ৰাজ্যৰ তৈলক্ষেত্ৰসমূহৰ উৎপাদন বৃদ্ধি আৰু বিনিয়োগৰ পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ পুৰণি তৈলক্ষেত্ৰসমূহৰ উৎপাদনক্ষমতা পুনৰ মূল্যায়ন, আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু নতুন বিনিয়োগৰ জৰিয়তে অধিক তেল-গেছ আহৰণৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া কথা যে অসমত নতুন তৈলখাদ নথকাত পুৰণি তৈলখাদৰ পৰাই পুৰণি পদ্ধতিৰে দীর্ঘদিন ধৰি খাৰুৱা তেল আহৰণ কৰি থকাত ৰাজ্যখনত খাৰুৱা তেলৰ উৎপাদন দিনক দিনে হ্রাস পাবলৈ ধৰিছে। যাৰ ফলত খাৰুৱা তেলৰ পৰা অসমে লাভ কৰা ৰয়েল্টিৰ ধনো লক্ষণীয়ভাৱে প্ৰতিবছৰে কমিবলৈ আৰম্ভ কৰিছে। আনকি যোৱা চাৰি বছৰৰ ভিতৰতে অসমে খাৰুৱা তেলৰ পৰা লাভ কৰা ৰয়েল্টিৰ ধন প্রায় ৮৪৪ কোটি টকা হ্রাস পাইছে। 

তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে অসমৰ দুটা প্রধান তেল উৎপাদক প্রতিষ্ঠান-অইল ইণ্ডিয়া লিমিটেড আৰু অ' এন জি চি দুয়োটাই উৎপাদনৰ নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰিব পৰা নাই। ২০২৫-২৬ বৰ্ষৰ এপ্রিল-জানুৱাৰীৰ সময়ছোৱাত অসমৰ বাবে অইলৰ উৎপাদনৰ লক্ষ্য আছিল ৩০.৭৬ লাখ টন, বিপৰীতে উৎপাদন হৈছে ২৭.৭৮ লাখ টন। অর্থাৎ লক্ষ্যতকৈ প্রায় ২.৯৯ লাখ টন বা ৯.৭১ শতাংশ কম উৎপাদন হৈছে। ইফালে, ২০২৫-২৬ বৰ্ষৰ এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে অসমত অ' এন জি চিৰ উৎপাদনৰ লক্ষ্য আছিল ৯.৮০৩৩ লাখ টন, কিন্তু প্রকৃত উৎপাদন হৈছে ৮.৭৫৮৩ লাখ টন। অর্থাৎ লক্ষ্যতকৈ ১০.৬৬ শতাংশ কম উৎপাদন হৈছে। এনে পৰিস্থিতিত অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ৰাজ্যখনত খাৰুৱা তেল উৎপাদন বৃদ্ধিৰ বাবে নতুন নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছে, যাতে তেল কোম্পানীসমূহে নতুন তেল-গেছ ক্ষেত্ৰৰ অনুসন্ধান আৰু উৎপাদন ত্বৰান্বিত কৰাত গুৰুত্ব দিয়ে। অৱশ্যে চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ তৈল উদ্যোগৰ বাবে কিমানদূৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে, সেয়াহে হ'ব লক্ষণীয়।

Share This