ডিজিটেল ডেস্কঃ পহলগামত পাক সন্ত্রাসবাদীৰ আক্ৰমণত নিহত স্থানীয় ঘোঁৰাচালক চাঈদ আদিল হুছেইন শ্বাহৰ পৰিয়ালৰ হাতত দেওবাৰে অসম চৰকাৰৰ হৈ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন পত্ৰ আৰু ৫ লাখ টকাৰ চে'ক অর্পণ কৰে।
উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটৰ এখন বৈঠকে পহলগামত সন্ত্রাসবাদীৰ দ্বাৰা সংঘটিত এই নাৰকীয় ঘটনাত নিহত হোৱা ২৬ জনকৈ লোকৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। মুখ্যমন্ত্ৰীৰ নির্দেশক্রমে মন্ত্ৰী বৰাই চাঈদ আদিল হুছেইন শ্বাহৰ পহলগামৰ হাপাটনাৰ্ডৰ গাঁৱত অৱস্থিত গৃহলৈ গৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু শ্বাহৰ পত্নী গুলনাজ আখতাৰৰ হাতত চে'কখন অর্পণ কৰে।
পৰিয়ালৰ সদস্যসকলৰ সৈতে হোৱা ঘৰুৱা আলোচনাত মন্ত্ৰী বৰাই পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে শ্বাহৰ অদম্য সাহস আৰু সততাৰ শলাগ লয়। বিপদৰ সময়ত অসমৰ জনসাধাৰণৰ এই সমমর্মিতাৰ বাবে পৰিয়ালটোৱে মুখ্যমন্ত্রী ড° শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে অসমৰ ৰাইজলৈ কৃতজ্ঞতা নিৱেদন কৰে। মন্ত্ৰী বৰাই পৰিয়ালটোক সাক্ষাৎ কৰাৰ সময়ত বোকাখাতৰ সম-জিলা আয়ুক্ত শিৱানী জেনগল আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী বৰাই আজি বিয়লি জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাকো শ্রীনগৰৰ গুপকাৰ পথত থকা ৰাজভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে।