নিলাম হ'ব এম এফ হুছেইনৰ ২৫খন বিৰল পেইন্টিঙৰ

dainik janambhumi June 03, 2025

ডিজিটেল ডেস্ক : বোম্বে উচ্চ ন্যায়ালয়ৰ অনুমতি পোৱাৰ পাছত, এটা ঋণ চুৰি মোকৰ্দমা নেশ্যনেল
এগ্রিকালছাৰেল কো-অপাৰেটিভ মার্কেটিং ফেডাৰেশ্যন অব্ ইণ্ডিয়াই (নাফেড) হস্তগত কৰা ভাৰতীয় আধুনিকতাবাদী চিত্রশিল্পী এম এফ হুছেইনৰ ২৫খন বিৰল পেইন্টিং ১২ জুনত নিলাম কৰা হ'ব। । 

'এম এফ হুছেইন: এন আর্টিষ্ট ভিজিয়ন অব্ দ্য টুৱেন্টি চেঞ্চুৰি' শীর্ষক উক্ত নিলামত আছে হুছেইনৰ 'আৱাৰ প্লেনেট কলড আর্থ' (অ' পি চি ই) ছিৰিজৰ ২৫খন পেইন্টিঙো আছে। স্বৰূপ গ্রুপ অব্‌ ইণ্ডাষ্ট্রীজৰ উদ্যোগপতি গুৰু স্বৰূপ শ্রীবাস্তৱৰ সৈতে থকা ২৩৬ কোটি টকাৰ ঋণৰ বিবাদৰ সন্দৰ্ভত নাফেডে হস্তগত কৰা ২৫খন পেইন্টিং ১৭ ফেব্ৰুৱাৰীৰ নিৰ্দেশত ন্যায়াধীশ আৰ আই চাগলাৰ পীঠে মুম্বাইৰ শ্বৰীফক নিলাম কৰিবলৈ অনুমতি দিছিল। 

উল্লেখযোগ্য যে এম এফ হুছেইনৰ ১০০খন পেইন্টিং প্রতিখনতে ১ কোটি টকা মূল্যত ক্রয় কৰাৰ পাছত ২০০৭ চনত শ্রীবাস্তৱে বাতৰিকাকতৰ শিৰোনাম দখল কৰিছিল। যোৱা বছৰ মে' মাহত শিল্প-কলা বিশেষজ্ঞ দাদিবা পুণ্ডোলেয়ে উচ্চ ন্যায়ালয়ক জনাইছিল যে উক্ত পেইন্টিংসমূহৰ মূল্য ২৫ কোটি টকা।

Share This