ডিজিটেল ডেস্ক : জুছ হেজলউডৰ আকর্ষণীয় বলিঙৰ পাছত অধিনায়ক মিচেল মার্শ্বৰ ২৬টা বলত ৪৬ বানৰ সহায়ত ভাৰতক কালি দ্বিতীয় টি-২০ ক্রিকেটত ৪ উইকেটত পৰাজিত কৰে অষ্ট্ৰেলিয়াই। ভাৰতৰ ১২৫ ৰানৰ প্রত্যুত্তৰত কেংগাৰু বাহিনীয়ে ১৩.২ অভাৰতে ছাঁটা উইকেট হেৰুৱাই ১২৬ ৰান কৰি এখনীয়া শৃংখলাত ১-০ৰ অগ্রগতি লাভ কৰে।
উল্লেখযোগ্য যে বৰষুণৰ বাবে প্রথম খেলখন পৰিত্যক্ত হৈছিল।কালিৰ খেলখনত মিচেলৰ অধিনায়কোচিত ইনিংছৰ লগতে ট্রেভিছ হেডে ২৮ আৰু জুহু ইংলিছে ২০ ৰানৰ উল্লেখনীয় বৰঙনি যোগায়। ভাৰতৰ হৈ দুটাকৈ উইকেট দখল কৰে যশপ্রীত বুমবাহ, বৰুণ চক্রবর্তী আৰু কুলদীপ যাদৱে। ইয়াৰ আগেয়ে বেটিং বিপর্যয়ৰ সম্মুখীন হোৱা ভাৰতে অ'পেনাৰ অভিষেক শৰ্মাৰ ৩৭টা বলত ৬৮ বানৰ জৰিয়তে ১৮.৪ অ'ভাৰত মাথো ১২৫ ৰানহে কৰে। হেজলউডে ১৩ ৰানত তিনিটা উইকেট দখল কৰি ভাৰতৰ টপ অর্ডাৰ ভাঙি পেলায়।
হেজলউডৰ দুৰন্ত বলিঙত তিষ্ঠিব নোৱাৰি ভাৰতে এটা সময়ত অষ্টম অভাৰত ৪৯ ৰানতে হেৰুৱাইছিল আগশাৰীৰ ৫টা উইকেট। ইয়াৰ পাছত ফ্রিজত মিলিত হোৱা অভিষেক আৰু হর্ষিত ৰানাই ষষ্ঠ উইকেটত ৫৬ বানৰ গুৰুত্বপূর্ণ যুটি বান্ধি ভাৰতৰ স্ক'ৰ ১০০ বানৰ সীমা পাৰ কৰোরায়। অভিষেকে ৩৭টা বলত আঠটা চাৰি আৰু দুটা ছয়েৰে নিজৰ ৬৮ ৰানৰ ইনিংছটো সজায়। অলৰাউণ্ডাৰ হর্ষিতে ৩৩টা বলত ৩৫ ৰানৰ উল্লেখনীয় বৰঙনি আগবঢ়ায়। ভাৰতৰ ইনিংছত ৯গৰাকী বেটাৰে দুটা অংকৰ ৰান গোটোৱাত ব্যর্থ হয়।