মহিলা বিশ্ব কাপত অষ্ট্ৰেলিয়াৰ অপৰাজেয় ধাৰা অব্যাহত

dainik janambhumi October 23, 2025

ডিজিটেল ডেস্ক : অলৰাউণ্ডাৰদ্বয় আনাবেল ছাডাৰলেণ্ড (অপঃ ৯৮) আৰু এছলী গার্ডনাৰৰ (অপঃ ১০৪) বেটিং বিক্ৰমৰ সহায়ত ইংলেণ্ডক কালি চলিত আই চি চি মহিলা বিশ্ব কাপৰ এখন খেলত সহজেই ৬ উইকেটত পৰাজিত কৰে অষ্ট্ৰেলিয়াই। গার্ডনাৰ আৰু ছাডাৰলেণ্ডৰ মাজত সংগৃহীত অবিজিত ১৮০ ৰানেৰে অষ্ট্ৰেলিয়াই প্রতিযোগিতাখনত অপৰাজেয় ধাৰা অব্যাহত ৰাখিছে। 

ইংলেণ্ডৰ ৯ উইকেটত ২৪৪ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই এটা সময়ত ৬৮ ৰানতন ৪টা উইকেট হেৰুৱাইছিল। পিছে গাৰ্ডনাৰ আৰু ছাডাৰলেণ্ডৰ বিধ্বংসী বেটিঙৰ জৰিয়তে ৪০.৩ অ'ভাৰত ৪টা উইকেট হেৰুৱাই ২৪৮ ৰান কৰি জয়লাভ কৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে ইতিমধ্যেই ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ইয়াৰ আগেয়ে টমী বিউমণ্টৰ ধৈর্যশীল ৭৮ ৰানৰ সহায়ত ইংলেণ্ডে ৯টা উইকেট হেৰুৱাই ২৪৪ ৰান কৰে। 

অষ্ট্ৰেলিয়াৰ নিয়ন্ত্রিত বলিঙৰ সমুখত তিষ্ঠিব নোৱৰা ইংলিছ বাহিনীৰ ইনিংছত বিউমণ্টৰ উপৰি এলিচা কেপছীয়ে ৩৮ আৰু চালী ডীনে ২৬ ৰানৰ উল্লেখনীয় বৰঙনি যোগায়। এলিচা আৰু ডীনে শেষৰফালে ৬১ ৰানৰ গুৰুত্বপূৰ্ণ যুটি বান্ধে। অষ্ট্ৰেলিয়াৰ হৈ আনাবেল ছাডাৰলেণ্ডে তিনিটা, ছুফী মুলিনিউক্স আৰু এছলী গার্ডনাৰে দুটাকৈ উইকেট দখল কৰে।

Share This