ডিজিটেল ডেস্ক : জয়েৰে চলিত টি-২০ বিশ্ব কাপত অভিযান সামৰিলে অষ্ট্ৰেলিয়াই। ওমানক আজি প্রতিযোগিতাখনৰ গ্রুপ লীগৰ অন্তিম তথা গুৰুত্বহীন খেলখনত ৯ উইকেটত পৰাজিত কৰে প্ৰাক্তন চেম্পিয়ন অষ্ট্ৰেলিয়াই। শ্রীলংকা আৰু জিম্বাবুৱেৰ হাতত অপ্রত্যাশিত পৰাজয়েৰে গ্ৰুপতে থমকি ৰ'বলগীয়া হোৱা অষ্ট্ৰেলিয়াই প্রথমে বেট ধৰা ওমানক ১০৪ ৰানত সীমিত ৰাখিছিল।
প্রত্যুত্তৰত অষ্ট্ৰেলিয়াই অধিনায়ক মিচেল মার্শ্বৰ ৩৩টা বলত অবিজিত ৬৪ আৰু তেওঁৰ অপেনিঙৰ সংগী ট্রেভিছ হেডৰ ১৯টা বলত ৩২ ৰানেৰে ৯.৪ অ'ভাৰত ১টা উইকেট হেৰুৱাই ১০৮ ৰান কৰি জয়লাভ কৰে। ইয়াৰ আগেয়ে, লেগ স্পীনাৰ আডাম জাম্পাই দখল কৰা ৪টা উইকেটৰ সহায়ত ওমানক মাথোঁ ১০৪ ৰানত সীমিত ৰাখিছিল অষ্ট্ৰেলিয়াই।
জাম্পাই ২১ ৰানত সর্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে তেওঁক যোগ্য সহযোগিতা আগবঢ়ায় জেভিয়াৰ বাৰ্টলেট আৰু গ্লেন মেক্সৱেলে দুটাকৈ উইকেট দখল কৰে। ওমানে কোনো যুঁজ নিদিয়াকৈ ১৬.২ অ'ভাৰত কেউটা উইকেট হেৰুৱায়। দলৰ হৈ রাছিম আলীয়ে সর্বাধিক ৩২ ৰান কৰে।