চতুৰ্থ টি-২০ত পৰাস্ত অষ্ট্ৰেলিয়া

dainik janambhumi November 07, 2025

ডিজিটেল ডেস্ক : বলাৰৰ দুৰন্ত বলিঙৰ সহায়ত ভাৰতে কালি অষ্ট্ৰেলিয়াক চতুর্থ টি-২০ ক্রিকেটত ৪৮ ৰানত পৰাজিত কৰে। ভাৰতে এই জয়েৰে ৫খনীয়া শৃংখলাত ২-১ ব্যৱধানত অগ্রগতি লাভ কৰিছে। প্রথমে বেট ধৰি ভাৰতে ৮ উইকেটত ১৬৭ ৰান কৰে। দলৰ হৈ ৩৯টা বলত সর্বাধিক ৪৬ ৰান কৰা শুভমন গীলে প্রথম উইকেটত অভিষেক শৰ্মাৰে (২১টা বলত ২৮) মিলি ৫৬ ৰানৰ যুটি বান্ধে। ইয়াৰ পাছতেই ছন্দ হেৰুৱাই পেলোৱা ভাৰতৰ ইনিংছত অভিষেক, শিৱম ডুবে (২২) অধিনায়ক সূৰ্যকুমাৰ যাদৱ (২০) আৰু অক্ষৰ পেটেলে (অপঃ ২১) উপযোগী বৰঙনি যোগায়। 

প্রত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৮.২ অ'ভাৰত ১১৯ ৰানত আল আউট হয়। দলৰ হৈ মিচেল মার্শ্বে ২৪টা বলত সৰ্বাধিক ৩০ আৰু মেথিউ শ্বৰ্টে ২৫ ৰানৰ অবদান যোগায়। ভাৰতৰ জয়ত মুখ্য ভূমিকা লয় অক্ষৰ পেটেল আৰু শিৱম ডুবেই। উভয়ে দখল কৰা দুটাকৈ উইকেটৰ সহায়ত লক্ষ্য অনুসৰণ কৰা অষ্ট্ৰেলিয়াক বেক ফুটলৈ ঠেলি দিয়ে ভাৰতে। 

আনহাতে, ৱাশ্বিংটন সুন্দৰে শেষৰফালে তিনিটাকৈ আঘাত হানি অষ্ট্ৰেলিয়াৰ জয়ৰ আশা নির্বাপিত কৰে। উভয় দলৰ মাজৰ অন্তিম-টি-২০ ক্রিকেট ব্ৰীছবেনত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব। শৃংখলাৰ প্ৰথম খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল।

Share This