দ্বিতীয় মেচতো ভাৰতৰ পৰাজয়, এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

dainik janambhumi October 24, 2025

ডিজিটেল ডেস্ক : বেটিং, বলিং, ফিল্ডিং সকলো দিশতে ব্যর্থতা প্রদর্শন কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াতো শুভমন গীলৰ নেতৃত্বত ভাৰতে পৰাজয়ৰ মুখ দেখে। তিনিখনীয়া শৃংখলাটোৰ প্রথম দুখন মেচত জয়ী হৈ ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২-০ ব্যৱধানত শৃংখলা জয় কৰাটো সুনিশ্চিত কৰে। উল্লেখযোগ্য যে ৰোহিত শর্মা আৰু বিৰাট কোহলীৰ প্ৰত্যাৱৰ্তনৰ পাছত ভাৰতীয় দলে এদিনীয়াত নিজৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা কৰা হৈছিল। দ্বিতীয় এদিনীয়াত অষ্ট্ৰেলিয়াই ভাৰতক দুই উইকেটৰ ব্যৱধানত পৰাজিত কৰে। কালি প্রথমে বেটিং কৰি ভাৰতে ৯ উইকেট হেৰুৱাই ২৬৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৪৬.২ অভাৰত আঠটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। 

ভাৰতীয় বলাৰসকলে ভাৰতৰ ইনিংছত ৰোহিত আৰু শ্রেয়াস আয়াৰৰ বাদে আগশাৰীৰ বেটাৰৰ ব্যৰ্থতাৰ পাছত ছয়জন বলাৰে দলক জয়ী কৰোৱাৰ বাবে চেষ্টা চলায় যদিও সফল হ'ব নোৱাৰিলে। অষ্ট্ৰেলিয়াৰ ইনিংছৰ শেষৰফালে কুপাৰ কন'লীয়ে ভাৰতীয় বলিং আক্রমণক ওফৰাই পেলাই দলক জয়ৰ দিশলৈ লৈ যায়। তেওঁ মাত্র ৫৩টা বলত ৫টা চাৰি আৰু ১টা ছয়েৰে ৬১ ৰান কৰে। তেওঁৰ উপৰি মেথিউ শ্বৰ্টে ৭৮টা বলত ৭৪ ৰান আৰু মিচেল অ'ৱেনে ৩৬ ৰান কৰে। ভাৰতে ইনিংছ মুকলি কৰাৰ পাছত ১৭ৰান হওঁতেই অধিনায়ক শুভমন গীল (৯) আৰু বিৰাট কোহলীৰ (০) উইকেট দুটা হেৰুৱায়। সেই সময়তে ৰোহিত আৰু শ্রেয়াসে দৃঢ়তাৰে বেটিং কৰি দলক সংকটৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰে। দুয়োৰে মাজত তৃতীয় উইকেটত ১১৮ ৰান সংগ্ৰহ কৰে। ৰোহিতে ধৈর্য আৰু সাহসেৰে খেলি ৯৭টা বলত ৭টা চাৰি আৰু ২টা ছয়েৰে ৭৩ ৰান সংগ্ৰহ কৰে। আনহাতে শ্রেয়াসে ৭৭টা বলত ৭টা চাৰিৰে ৬১ ৰান কৰে। অক্ষৰ পেটেলে ৪১টা বলত ৪৪ ৰান কৰে। ইফালে হৰ্ষিত ৰানাই (অপৰাজিত ২৪) অর্শদীপ সিঙৰ সৈতে মিলি নৱম উইকেটত ৩৭ ৰান যোগ কৰি ভাৰতৰ স্ক'ৰ ২৬০ পাৰ কৰে। অষ্ট্ৰেলিয়াৰ স্পীনাৰ আডাম জাম্পাই ৬০ ৰান দি চাৰিটা উইকেট দখল কৰে। 

বিৰাট কোহলীয়ে দ্বিতীয়খন মেচতো এটাও ৰান গোটাব নোৱাৰিলে। বেটিঙত ব্যর্থ হোৱাৰ পাছত কোহলী পেভিলিয়নলৈ উভতি যোৱাৰ সমত দর্শকসকলে অভিবাদন জনায়। উল্লেখযোগ্য যে এডিলেইডত কোহলীয়ে কেইবাটাও টেষ্ট শতক আৰু পাকিস্তানৰ বিৰুদ্ধে বিশ্ব কাপত চেঞ্চুৰী কৰিছিল। ৰোহিত, শ্রেয়াস আৰু অক্ষৰৰ বাদে কালি ভাৰতৰ প্ৰায় সকলো বেটাৰ অষ্ট্ৰেলিয়াৰ বলিং আক্রমণ প্রতিহত কৰাত ব্যর্থ হয়। উল্লেখযোগ্য যে এডিলেইডত ভাৰত ৫০ বছৰৰ পাছত পৰাজিত হয়। আনহাতে ভাৰতীয় ফিল্ডাৰৰ হতাশাজনক প্রদর্শনো অষ্ট্ৰেলিয়াৰ জায়ৰ অন্যতম কাৰণ আছিল। ভাৰতে কালি কমেও তিনিটা কেচ পেলাই দিয়ে। মেথিউ শ্বর্টে দুবাৰ জীৱনদান পায় আৰু পাছত তেওঁ ৭৪ ৰান কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Share This