ডিজিটেল ডেস্ক : বিশ্বৰ কোটি কোটি এইচ আই ভি আক্ৰান্তৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে অষ্ট্ৰেলিয়াৰ কেইজনমান গবেষকে। এইচ আই ভি ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ গৱেষণাই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। বৈজ্ঞানিক গৱেষণা প্রতিষ্ঠান মেলব'ৰ্নৰ ডোহেটী প্রতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ড° পাউলা চেভালৰ তথ্য অনুসৰি এইচ আই ভিৰ ভাইৰাছ ৰোগীৰ কোষৰ মাজত লুকাই থাকে, যিটো উলিয়াই অনাটো অতি কঠিন বা প্রায় অসম্ভৱ আছিল।
কিন্তু তেওঁলোকৰ গৱেষণাত ব্যৱহৃত 'এম আৰ এন এ' প্রযুক্তিয়ে ভাইৰাছটোক দেহৰ ভিতৰত 'ফেট বাবোল'ৰ সৃষ্টি কৰি আৱৰি ধৰে আৰু কোষৰ মাজত লুকাই থকাৰ পৰা উলিয়াই আনে। যিয়েই চিকিৎসা বিজ্ঞানীসকলক এই দুৰাৰোগ্য বুলি ভবা ৰোগটো নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰিব। 'নেচাৰ কমিউনিকেশ্যন' আলোচনীত প্রকাশিত এই গৱেষণাৰ তথ্য অনুসৰি 'ফেট বাবোল'ৰ জৰিয়তে মানৱ শৰীৰৰ এইচ আই ভি আক্রান্ত ৭৫ শতাংশ ঢুকি পোৱা যাব।
গৱেষক ড° চেভালে কয় যে ইমানদিনে এইচ আই ভি আক্রান্তক সম্পূর্ণ সুস্থ কৰি তোলাতো অসম্ভৱ বুলি ভবা হৈছিল। ইয়াৰ কাৰণ হৈছে এইচ আই ভিৰ ভাইৰাছে কোষৰ মাজত লুকাই থাকি সংক্রমণ অব্যাহত ৰাখিছিল। কিন্তু এতিয়া কোষৰ মাজত লুকাই থকাৰ পৰা ভাইৰাছটোক উলিয়াই আনিব পৰা হ'ল যেতিয়া ইয়াক মানৱ শৰীৰৰ পৰা পৃথক কৰাটোও নিশ্চয় টান নহ'ব। তেওঁ কয় যে ২০২৬ চনত 'এম আৰ এন এ' প্রযুক্তি ব্যৱহাৰ কৰি লাভ কৰা সফলতাক পৰৱৰ্তী সময়ত অধিক প্ৰসাৰিত কৰি বিশ্বৰ নাগৰিকক ৰোগমুক্ত কৰাৰ বাবে প্রচেষ্টা অব্যাহত থাকিব। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বৰ্তমান সমগ্র বিশ্বত ৪.৮ কোটি এইচ আই ভিত আক্রান্ত লোক আছে।